Protest in Dibrugarh: বহিঃৰাজ্যত অসমীয়া যুৱকক হত্যাৰ বিৰুদ্ধে ডিব্ৰুগড়ত প্ৰতিবাদ - ডিব্ৰুগড়ত প্ৰতিবাদ
ডিব্ৰুগড়, 19 মে’: বহিঃৰাজ্যত অসমীয়া যুৱকক হত্যাৰ বিৰুদ্ধে ডিব্ৰুগড়ত উত্তাল প্ৰতিবাদ ৷ কৰ্মসংস্থাপন বিচাৰি গৈ বহিঃৰাজ্যত হত্যাৰ বলি হৈছিল গহপুৰৰ বাবুল বৰা ৷ শোণিতপুৰ জিলাৰ গহপুৰ মহকুমাৰ গহপুৰ আৰক্ষী থানাৰ অন্তৰ্গত সোলেঙী ৰজাবাৰীত আছিল বাবুল বৰাৰ ঘৰ (Assam man killed in Kishanganj in Bihar) ৷
এই নৃশংস হত্যাৰ তদন্তৰ দাবীত ডিব্ৰুগড়ত শুক্ৰবাৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে হিন্দু ক্ৰান্তি দল, বজৰংগ দল আৰু বাঙালী যুৱ-ছাত্ৰ ফেডাৰেছনে ৷ চৌকিডিঙ্গি চাৰিআলিৰ পৰা উপায়ুক্ত কাৰ্যালয়লৈকে এক প্ৰতিবাদী সমদল বাহিৰ কৰি বিভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰী সকলে (Killing of Assamese youth in Kishanganj in Bihar) ৷ ইফালে এই ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবীত উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰও প্ৰেৰণ কৰে প্ৰতিবাদকাৰী সকলে (Protests in Dibrugarh) ৷
লগতে পঢ়ক:Nalbari murder case: পত্নী হত্যাত অভিযুক্ত মঞ্জুৰ আলমক লগত লৈ নলবাৰী আৰক্ষীৰ তদন্ত আৰম্ভ