অসম

assam

বিদুৎ বিভাগৰ বিৰুদ্ধে ওলাই আহিল ৰাইজ

ETV Bharat / videos

Protest against electricity bills:মৰিয়নিত প্ৰি প্ৰেইড স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদ - প্ৰি প্ৰেইড স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদ

By

Published : Jun 21, 2023, 9:08 PM IST

যোৰহাট, ২১ জুন:বিদুৎ বিভাগৰ বিৰুদ্ধে ওলাই আহিল মৰিয়নি নগৰবাসী । নগৰবাসীয়ে বিদ্যুত বিভাগে নতুনকৈ সংযোজন কৰা স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰি প্ৰতিবাদ সাব্যস্ত কৰে । মৰিয়নি ১নং ৱাৰ্ড জয়মতী নগৰবাসীয়ে বিদ্যুৎ বিভাগৰ নৱতম সংযোজন অৰ্থাৎ ঘৰে ঘৰে স্মাৰ্ট মিটাৰ লগোৱা যি অভিযান আৰম্ভ কৰিছে ,তাৰ প্ৰতি ক্ষোভ প্ৰকাশ কৰি বুধবাৰে মৰিয়নি নগৰত প্ৰতিবাদ সাব্যস্ত কৰে । স্মাৰ্ট মিটাৰ ব্য়ৱস্থাত অতিষ্ঠ হৈ সৰ্বসাধাৰণ লোক দলে বলে ওলাই আহি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি এই পদক্ষেপ শীঘ্ৰে প্ৰত্য়াহাৰ কৰিবলৈ দাৱী জনায় ৷  

প্ৰতিবাদকাৰীসকলে পূৰ্বতে যি মিটাৰ সংযোগ কৰিছিল সেই মিটাৰ সংযোগ কৰিবলৈ দাবী জনায় । স্মাৰ্ট মিটাৰৰ কোনো প্ৰয়োজন নাই বুলি প্ৰতিবাদকাৰীসকলে ক্ষোভেৰে কয় । উল্লেখ্য় যে অত্যাধিক বিদ্যুতৰ বিল ,নতুন প্ৰি-প্ৰেইড স্মাৰ্ট মিটাৰত অতিষ্ঠ  হৈ পৰিছে ৰাইজ । এই ব্য়ৱস্থাৰ বিৰুদ্ধে ৰাজ্যজুৰি আৰম্ভ হৈছে প্ৰতিবাদী কাৰ্যসূচী । অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে ৰাইজক হাৰাশাস্তি কৰা বাবে এই প্ৰি-প্ৰেইড স্মাৰ্ট মিটাৰ বন্ধ কৰাৰ দাবী জনাইছে মৰিয়নিৰ ৰাইজে ।

লগতে পঢ়ক:International Yoga Day 2023: মহানগৰীত নৱম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন

ABOUT THE AUTHOR

...view details