অসম

assam

জাতীয় সংগ্ৰামী সেনা অসম

ETV Bharat / videos

Protest against Price Hike : শিৱসাগৰত দামবৃদ্ধিৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ

By

Published : Aug 10, 2023, 5:10 PM IST

শিৱসাগৰ, 10 আগষ্ট : অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিত জুৰুলা হৈ পৰিছে সৰ্বসাধাৰণ ৰাইজ ৷ নিত্য ব্যৱহাৰ্য সামগ্ৰী, ঔষধকে ধৰি প্ৰায় সকলো সামগ্ৰীৰ দাম বৃদ্ধিত অতীষ্ঠ হৈ পৰিছে সাধাৰণ ৰাইজ ৷ ফলত দাম বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ হৈ পৰিছে বিভিন্ন দল-সংগঠনৰ লগতে ৰাইজ ৷  

দামবৃদ্ধিৰ বিৰুদ্ধে বৃহস্পতিবাৰে শিৱসাগৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে জাতীয় সংগ্ৰামী সেনা অসমে ৷ শিৱসাগৰ ষ্টেচন চাৰি আলিত সংগঠনটোৱে সাব্যস্ত কৰে প্ৰতিবাদ ৷ জাতীয় সংগ্ৰামী সেনা অসমৰ শতাধিক কৰ্মী তথা বিষয়ববীয়াই যোগান মন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰিবলৈ লোৱাত বাধা প্ৰদান কৰে আৰক্ষীয়ে ৷ ফলত পৰিৱেশ অধিক উত্তপ্ত হৈ পৰে ৷ আৰক্ষীৰ সৈতে টনা-আজোঁৰা সৃষ্টি হয় প্ৰতিবাদকাৰীৰ ৷

প্ৰতিবাদীকাৰী সকলে হাতে হাতে প্লে-কাৰ্ড, বেনাৰ লৈ মূল্য বৃদ্ধি ৰোধ কৰক, মূল্য বৃদ্ধি ৰোধ কৰিব নোৱাৰা বিজেপি চৰকাৰ হায় হায় আদি শ্ল’গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷

লগতে পঢ়ক :AJP protest at Dighalipukhuri: মূল্যবৃদ্ধিৰ বিৰুদ্ধে দীঘলীপুখুৰী পাৰত জাতীয় মহিলা শক্তিৰ গৰ্জন

ABOUT THE AUTHOR

...view details