Video clip going viral: 500 টকাত সন্তুষ্ট নহয়, বেছিকৈ মুখ মেলি কোৱাৰি ফাটিল অ’চি ছাৰৰ - 500 টকাত সন্তুষ্ট নহয় অ’চি ছাৰ
লখিমপুৰ, ২৬ এপ্ৰিল : পুনৰ আৰক্ষীৰ খাকী পোছাকত কালিমা সানিলে এজন আৰক্ষী বিষয়াৰ ধনৰ খঁকে ৷ প্ৰথমে এজন লোকৰ সৈতে অন কেমেৰা ঘোচৰ দাম দৰ কৰে আৰক্ষী বিষয়াজনে (Police officer video goes viral ) ৷ তেওঁক লাগে এহাজাৰ টকা ৷ কিন্তু লোকজনে দিছিল মাথোঁ 500 টকা ৷ ইয়াৰে লৈ অসন্তুষ্ট হয় আৰক্ষী বিষয়াজন ৷ গাড়ীৰ তেলৰ কথা কৈ দৰ-দাম কৰে বিষয়াজনে (Police officer on camera taking bribe) ৷ উপায়বিহীন হৈ 500 টকা এতিয়া লৈ কাইলৈ 500 টকাৰ দিয়াৰ প্ৰতিশ্ৰুতি ল’লে লোকজনৰ পৰা ৷ কিন্তু ইয়াতেই লাগিল কেনা ৷
এই সমগ্ৰ দৃশ্য বন্দী হ’ল মোবাইলৰ গোপন কেমেৰাত ৷ মাথো কেই ছেকেণ্ডমানৰ এটা ভিডিঅ’ ক্লিপ ৷ এই ভিডিঅ’ ক্লিপটোৱে এতিয়া জোঁকাৰি গৈছে ৰাজ্যৰ আৰক্ষী বিভাগক ৷ ঘটনা অনুসৰি কিছুদিনৰ পূৰ্বে গোচৰ দিবলৈ যোৱা এজন লোকৰ পৰা পাঁচশ টকা লোৱাৰ দৃশ্য বন্দী হৈ আছে এই ভিডিঅ’টোত ৷ ভিডিঅ’টো ভাইৰেল হৈ পৰাৰ লগে লগে বঙালমৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া তৰুণ বড়োৰ কু-কীৰ্তি ফাদিল হৈ পৰে (Police video viral) ৷
অভিযোগ মতে, গোচৰ তৰিবলৈ যোৱা লোকৰৰ পৰা ১০০০ টকা বিচাৰিছিল বিষয়াজনে । কিন্তু লোকজনে দিলে ৫০০ টকা ৷ পাঁচ শ টকা ঘোচ লোৱাৰ ভিডিঅ’ ভাইৰেল হৈ পৰাৰ পাছতে তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণ কৰে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে ৷
লগতে পঢ়ক:BJP filed FIR: গ্ৰেপ্তাৰ হ'ব নেকি কংগ্ৰেছী নেতা ৰাণা গোস্বামী ?
আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে (DGP GP Singh tweet) টুইটযোগে আৰক্ষী বিষয়াজনক ততালিকে নিলম্বিত কৰাৰ লগতে আইনগত ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলাৰ আৰক্ষী অধীক্ষকক নিৰ্দেশনা দিয়ে ৷