অসম

assam

PMAY আঁচনিত কেলেংকাৰীৰ অভিযোগ

By

Published : Feb 9, 2023, 2:27 PM IST

Updated : Feb 14, 2023, 11:34 AM IST

ETV Bharat / videos

PMAY scam in Nalbari: নলবাৰীত PMAY আঁচনিত ব্যাপক কেলেংকাৰীৰ অভিযোগ হিতাধিকাৰীৰ

নলবাৰী, ৯ ফেব্ৰুৱাৰী: প্ৰধানমন্ত্ৰী আৱাস যোজনা চমুকৈ পি এম এ ৱাই (জি) (PMAY) আঁচনিৰ মূল লক্ষ্য আৰু উদ্দেশ্য হৈছে ভাৰতবৰ্ষৰ প্ৰতিটো দৰিদ্ৰ পৰিয়ালক বাসোপযোগী গৃহ নিশ্চিত কৰণ । চৰকাৰে বিজ্ঞাপনৰ যোগেদি ব্যাপক প্ৰচাৰ কৰিছে । কিন্তু আচল প্ৰশ্নটো হয় যে কিমান কাৰ্যকৰী হৈছে চৰকাৰৰ এই আঁচনি ? কাৰণ ৰাজ্যৰ বহু ঠাইত ধোঁৱাচাঙত উঠাৰ উপক্ৰম ঘটিছে দৰিদ্ৰলৈ প্ৰদান কৰা প্ৰধানমন্ত্ৰীৰ আবাস যোজনা ঘৰ (Pradhan Mantri Awas Yojana) ।

এইবাৰ নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ ভাংনামাৰীত পোহৰলৈ আহিছে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত ব্যাপক কেলেংকাৰীৰ অভিযোগ (Pradhan Mantri Awas Yojana scam) ৷ PMAY ৰ গৃহ নিৰ্মাণৰ পিছত শ্ৰমিকৰ বাবদ থকা ধন মধ্যভোগীয়ে আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে । বৰক্ষেত্ৰী উন্নয়ন খণ্ডৰ অধীনস্থ ভাংনামাৰী পঞ্চায়তত সংঘটিত হৈছে এই কেলেংকাৰী (PMAY scam in Nalbari) ।

লগতে পঢ়ক:PMAY Scam: মৰাণত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত পঞ্চায়ত প্ৰতিনিধিয়ে দুৰ্নীতি কৰাৰ অভিযোগ

উল্লেখ্য যে, প্ৰধানমন্ত্ৰী আবাস যোজনাৰ হিতাধীকাৰীসকলক ঘৰৰ দুৱাৰ খিৰিকি আদি লগোৱাৰ বাবদ শেষৰটো কিস্তিত দিয়া হয় প্ৰায় ১৮ হাজাৰকৈ টকা । কিন্তু শেষৰটো কিস্তিৰ এই টকা লাভ নকৰিলে অঞ্চলটোৰ দৰিদ্ৰ হিতাধীকাৰীসকলে ৷  হিতাধীকাৰীসকলৰ অজ্ঞাতে পঞ্চায়ত প্ৰতিনিধি তথা মধ্যভোগীয়ে অন্য লোকৰ জব কাৰ্ড ব্যৱহাৰ কৰি শ্ৰমিকৰ বাবদ থকা ধন আত্মসাৎ কৰাৰ গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে খোদ বঞ্চিত হিতাধিকাৰীসকলে । এজন বা দুজনৰ নহয়, পঞ্চায়তটোৰ কেইবাজনো হিতাধীকাৰীৰ ধন জালিয়াতিৰে আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰিছে হিতাধীকাৰীয়ে । যাৰ বিৰুদ্ধে এতিয়া জাঙুৰ খাই উঠিছে বঞ্চিত হিতাধিকাৰীয়ে ৷  

উপায়বিহীন হৈ এতিয়া এই দুষ্ট চক্ৰটোৰ বিৰুদ্ধে ভাংনামাৰী আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ হুংকাৰ দিছে ভুক্তভোগী হিতাধীকাৰীসকলে (PMAY scheme beneficiaries alleged workers money embezzled)। ধন আত্মসাৎ কৰা লোকৰ বিৰুদ্ধে উচিত তদন্ত কৰিবলৈ চৰকাৰলৈ আহ্বান জনাইছে দৰিদ্ৰ হিতাধীকাৰীসকলে ।

লগতে পঢ়ক:Panchayat member call recording viral: PMAY ৰ গৃহ দিয়াৰ নামত মহিলাৰে ফোনত অশ্লীল বাৰ্তালাপ পঞ্চায়ত কৰ্মীৰ

Last Updated : Feb 14, 2023, 11:34 AM IST

ABOUT THE AUTHOR

...view details