অসম

assam

বিশুদ্ধ খোৱাপানীৰ নামত বৰবিহ

ETV Bharat / videos

Potable drinking water:বিশুদ্ধ খোৱাপানীৰ নামত বৰবিহ খুৱালে নেকি বিহপুৰীয়া পৌৰ সভাই ! - বিধায়ক ড৹ অমিয় কুমাৰ ভূঞা

By

Published : Aug 16, 2023, 9:42 PM IST

বিহপুৰীয়া, 16 আগষ্ট :স্বাধীনতা দিৱসৰ দিনা বিহপুৰীয়াত চাৰিটাকৈ বিশুদ্ধ খোৱাপানীৰ কক্ষৰ ব্যৱস্থা আনুষ্ঠানিকভাৱে মুকলি কৰিলে বিহপুৰীয়াৰ বিধায়ক ড৹ অমিয় কুমাৰ ভূঞাই ৷ বিহপুৰীয়াৰ ৰাইজেও বিধায়কগৰাকীক বহুত প্ৰশংসা কৰিলে ৷ বহু দিনীয়া সমস্যা এটা সমাধান হ’ল বুলি সকলোৱে শান্তি লভিলে ৷ পিছে বিহপুৰীয়া পৌৰসভাৰ দ্বাৰা নিৰ্মাণ কৰা এই বিশুদ্ধ খোৱাপানী ব্যৱস্থাৰ উদ্বোধনৰ ২৪ ঘন্টা পাৰ নৌহওঁতেও লাগিল কেনা ।

উদ্বোধনৰ পিছদিনাই ৰাইজে মুখত দি উলিয়াই দিলে বিহপুৰীয়া পৌৰ সভাই যোগান ধৰা বিশুদ্ধ পানী ৷  বিশুদ্ধ খোৱাপানীৰ ঠাইত ৰাইজে খাবলৈ পালে গোন্ধোৱা ঘোলা পানী ! ৬৩ লাখ টকা ব্যয় সাপেক্ষে বিহপুৰীয়া নগৰৰ চাৰিটাকৈ স্থানত চাৰিটাকৈ বিশুদ্ধ পানী যোগান আঁচনি স্থাপন কৰা হৈছিল । কিন্তু দুটা আঁচনিত বিশুদ্ধ খোৱা পানীৰ পৰিৱৰ্তে ওলাইছে দুৰ্গন্ধযুক্ত পানী । বিশুদ্ধ খোৱা পানী বিচাৰি হাহাকাৰ কৰা একাংশ লোকে পানী খাবলৈ আহি গোন্ধযুক্ত পানী খাবলৈ পোৱাত ক্ষোভ প্ৰকাশ কৰে ।

লগতে পঢ়ক :Recruitment in Oil India:অইলৰ বিৰুদ্ধে হুংকাৰ সদৌ অসম নিবনুৱা সন্থাৰ

ABOUT THE AUTHOR

...view details