অসম

assam

ৰাইজৰ ৰোষত পৰিল চোৰ

By ETV Bharat Assamese Team

Published : Oct 9, 2023, 12:01 PM IST

ETV Bharat / videos

Theft incident:ডেম্পত চুৰি কৰিবলৈ আহি ৰাইজৰ ৰোষত পৰিল চোৰ

গুৱাহাটী, ৮ অক্টোবৰ :মহানগৰীত প্ৰতিদিনে চলিছে চোৰৰ তাণ্ডৱ । পিছে দেওবাৰে দিন বেয়া আছিল চোৰৰ । কিয়নো ডেম্পত চুৰি কৰিবলৈ আহি ৰাইজৰ ৰোষত পৰিল চোৰ । ৰাইজে উত্তম-মধ্যম সোধাই গতাই দিলে আৰক্ষীক । মহানগৰীৰ ভেটাপাৰাৰ কেৰাকুচিত সংঘটিত হৈছে এই ঘটনা ৷

জানিব পৰা মতে, দেওবাৰে পুৱাই মহানগৰীৰ কেৰাকুছিত থকা এটা ডেম্পত চুৰিকাৰ্য সংঘটিত কৰিবলৈ আহিছিল চোৰটোৱে । ডেম্পত কোনো নথকাৰ সুযোগ লৈ চুৰিকাৰ্য আৰম্ভ কৰিছিল। তেনে সময়তে স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি কৰায়ত্ত কৰে চোৰটোক । লগতে আৰক্ষী অহাৰ পূৰ্বে চোৰটোক উত্তম-মধ্যম সোধাই স্থানীয় লোকে । পৰৱৰ্তী সময়ত ঘটনাস্থলীত উপস্থিত হৈ বশিষ্ঠ আৰক্ষীয়ে আটক কৰি থানালৈ লৈ যায় চোৰটোক। উল্লেখ্য যে, সাওঁকুচি-কেৰাকুচিত অঞ্চলত থকা ডেম্পসমূহত প্ৰায়েই সংঘটিত হৈ আহিছে চুৰিকাৰ্য ।

লগতে পঢ়ক :Theft incident: সোনা মিঞাৰ দুদৰ্শা; মন্দিৰ লুটিবলৈ আহি পালেগৈ থানা

ABOUT THE AUTHOR

...view details