চাৰিশৰো অধিক মেকুৰীয়ে হাঁহি বিৰিঙালে জন্তুপ্ৰেমীৰ মুখত - exhibition in maharashtras kolhapur
Published : Dec 6, 2023, 1:53 PM IST
নেশ্যনেল ডেস্ক, 6 ডিচেম্বৰ :মহাৰাষ্ট্ৰৰ কোলহাপুৰত মঙলবাৰে আয়োজন কৰা হয় এখনি মেকুৰী প্ৰদৰ্শনী ৷ এই মেকুৰী প্ৰদৰ্শনীত কমেও ৪০০ প্ৰজাতিৰ মেকুৰীয়ে অংশগ্ৰহণ কৰে । বিগত পাঁচ বছৰত তৃতীয়বাৰৰ বাবে এই মেকুৰী প্ৰদৰ্শনীৰ আয়োজন কৰা হয় । প্ৰদৰ্শনীত যথেষ্ট ভিৰ পৰিলক্ষিত হয় ৷ মেকুৰী প্ৰদৰ্শনীত পাৰ্চী মেকুৰী, ক্লাছিক লংহেয়াৰ, বেংগল কেট, মেইন কুন, ব্ৰিটিছ শ্বৰ্টহেয়াৰ, এক্স’টিক শ্বৰ্টহেয়াৰ, চাইবেৰিয়ান কেট, চিয়ামীজ আৰু ইণ্ডি মাউকে ধৰি বিভিন্ন ধৰণৰ জাতসমূহ প্ৰদৰ্শন কৰা হয় ।
প্ৰদৰ্শনীত অংশ লোৱা মেকুৰীসমূহৰ মূল্য ২০ হাজাৰ টকাৰ পৰা ৫ লাখ টকা পৰ্যন্ত বুলি জানিব পৰা গৈছে । মেকুৰীবোৰৰ থকা আৰু খাদ্যৰ বাবে তেওঁলোকৰ মালিকসকলে সৰ্বোত্তম ব্যৱস্থা কৰিছিল । দেশজুৰি বৃহৎ পৰিসৰত মেকুৰী শ্ব’ৰ আয়োজন কৰা হয় যাতে মেকুৰীৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বিষয়ে সকলোৱে জানিব পাৰে লগতে মেকুৰীৰ সম্পৰ্কীয় বিভিন্ন ধৰণৰ কথা যাতে গৰাকীয়ে জানিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰখা হয় ৷
লগতে পঢ়ক :Cat hunting video: মেকুৰীয়ে চিকাৰ কৰাৰ ৰোমাঞ্চকৰ দৃশ্য বন্দী হ’ল কেমেৰাত