অসম

assam

By

Published : Oct 12, 2022, 10:45 PM IST

Updated : Feb 3, 2023, 8:29 PM IST

ETV Bharat / videos

NHPC Lower Subansiri project : অসম চৰকাৰক নিজাববীয়াকৈ বিশেষজ্ঞ কমিটি গঠনৰ পৰামৰ্শ

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ ভয়াৱহ পৰিস্থিতি সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিৰোধী দলপতি দেবব্ৰত শইকীয়াই (Opposition leader Debabrat Saikia)। উল্লেখ্য যে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত অব্যাহত আছে ভূমিস্খলন (Landslide at NHPC Subansiri project)। ধাৰাসাৰ বৰষুণৰ ফলত হুৰাহুৰে খহিছে ঠুনুকা পাহাৰ । ডাইভাৰ্ছন টানেলৰ কাষতে পাহাৰ খহাৰ ভয়ংকৰ দৃশ্যই ভয়াৱহ পৰিস্থিতিৰ জাননী দিছে । এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিৰোধী দলপতি দেবব্ৰত শইকীয়াই কয় যে অসম বিধানসভাৰ শেহতীয়া অধিৱেশনত তেওঁ বান্ধ সুৰক্ষা সন্দৰ্ভত এটা বেচৰকাৰী প্ৰস্তাৱ দিছিল । কিন্তু বিধানসভাত প্ৰস্তাৱটো চৰকাৰী পক্ষৰ পৰা নাকচ কৰা হ'ল । এতিয়া নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত ভয়াৱহ পৰিস্থিতি হৈছে । তেওঁ চৰকাৰক নিজাববীয়াকৈ এনে এখন কমিটী গঠন কৰাৰ বাবে পৰামৰ্শ আগবঢ়ায় ।
Last Updated : Feb 3, 2023, 8:29 PM IST

ABOUT THE AUTHOR

...view details