পশ্চিম মায়ঙত বনৰীয়া ম’হৰ ত্ৰাস, খেদি খেদি আক্ৰমণ এজনক
Published : Dec 17, 2023, 8:38 PM IST
গুৱাহাটী, ১৭ ডিচেম্বৰ: চন্দ্ৰপুৰৰ পশ্চিম মায়ঙত অব্যহত আছে বনৰীয়া ম’হৰ ত্ৰাস । পশ্চিম মায়ঙৰ গৰুবন্ধাত দেওবাৰে বনৰীয়া ম'হৰ আক্ৰমণত এজন ব্যক্তি আহত হয় বুলি জানিব পৰা গৈছে ৷ আহত লোকজন ৰত্নেশ্বৰ ডেকা বুলি চিনাক্ত কৰা হৈছে ৷
পৰৱৰ্তী সময়ত স্থানীয় ৰাইজে আহত ৰত্নেশ্বৰ ডেকাক সংকটজনক অৱস্থাত গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে । ইফালে এই ঘটনাৰ পিচতো পবিতৰা অভয়াৰণ্যৰ বাঞ্চলিক বিষয়া ঘটনাস্থলীত উপস্থিত নোহোৱাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ।
মন কৰিবলগীয়া কথা যে, যোৱা দুদিন পূৰ্বেও পশ্চিম মায়ঙত বনৰীয়া ম’হৰ আক্ৰমণত এজন স্কুলীয়া ছাত্ৰ নিহত হোৱাৰ লগতে আন এগৰাকী স্কুলীয়া ছাত্ৰীসহ তিনিগৰাকী ব্যক্তি আহত হৈছিল । ইয়াৰ পিচতো গা লৰা নাই বন বিভাগৰ ৷
বিগত প্ৰায় এমাহ দিন ধৰি অঞ্চলটোত পবিতৰা অভয়াৰণ্যৰ পৰা ওলাই অহা বনৰীয়া ম’হে ত্ৰাস চলাই আছে ৷ স্থানীয় ৰাইজে বাৰম্বাৰে বন বিভাগক এই সন্দৰ্ভত জনোৱাৰ পিচতো কোনো গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপিত হৈছে (wild buffalo attack) ৷
লগতে পঢ়ক:অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে কঠোৰ হৈছে তামুলপুৰৰ বন বিভাগ