অসম

assam

ড্ৰাগছ বেপাৰী কৰায়ত্ত

ETV Bharat / videos

Drug Peddler detained: শূণ্যত গুলী চলাই খেদি খেদি কৰায়ত্ত কৰিলে ড্ৰাগছ বেপাৰীক - মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

By

Published : Jun 29, 2023, 10:54 PM IST

বিশ্বনাথ, ২৯ জুন : ৰাজ্যত নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে এক যুদ্ধকালীন তৎপৰতা অব্যাহত ৰাখিছে অসম আৰক্ষীয়ে । এই নিষিদ্ধ অবৈধ ড্ৰাগছৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰ হৈছে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা চৰকাৰ । আনহাতে আৰক্ষীৰ চোকা নজৰৰ মাজতে পুনৰ ৰাজ্যৰ উজনিৰ পৰা নামনিলৈ সৰ্বত্ৰে এনে সামগ্ৰীৰ এতিয়া এটা চক্ৰই গা কৰি উঠিছে ।

বৃহস্পতিবাৰে বিশ্বনাথ জিলা আৰক্ষী অধীনৰ গহপুৰ মহকুমা আৰক্ষী থানাৰ অন্তৰ্গত অসম অৰুণাচল সীমান্তৰ ৰাজগড়ৰ আৰক্ষীয়ে এটা কুখ্যাত ড্ৰাগছ বেপাৰীক খেদি খেদি কৰায়ত্ত কৰিবলৈ সক্ষম হয় । ৰাজগড়ৰ আৰক্ষীয়ে বৃহস্পতিবাৰে বিয়লি ৰাজগড়ৰ পৰা খেদি খেদি ১ নং চকলাত মন্টু কুটুম নামৰ এটা ড্ৰাগছ বেপাৰীক আটক কৰে । আৰক্ষীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি ড্ৰাগছ বেপাৰী মন্টু কুটুমে আৰক্ষী দেখি মটৰচাইকেল পেলাই পানীত জাপ দি পলায়ন কৰি কৰিছিল যদিও আৰক্ষীয়ে শূণ্যত গুলী চলাই পানীৰ মাজতে ড্ৰাগছ বেপাৰী মন্টু কুটুমক আটক কৰে ।

ইফালে মন্টু কুটুমৰ পৰা আৰক্ষীয়ে ১২.৫৩ গ্ৰাম ড্ৰাগছ জব্দ কৰা লগতে AR014314 নম্বৰৰ এখন মটৰচাইকেল জব্দ কৰে আৰক্ষীয়ে । আৰক্ষীয়ে জব্দ কৰা ড্ৰাগছ সমূহৰ মূল্য প্ৰায় 40,000 হাজাৰ টকা হ'ব বুলি আৰক্ষীয়ে প্ৰকাশ কৰে । আনহাতে ড্ৰাগছ বেপাৰী মন্টু কুটুমে প্ৰকাশ কৰা অনুসৰি নগাঁৱৰ এজন ড্ৰাগছ বেপাৰীয়ে ২ টা ড্ৰাগছ পেকেট প্ৰদান কৰিছিল ৷ সেই দুটা পেকেটৰ ভিতৰত এটা ইতিমধ্যে বিক্ৰী কৰা কথা প্ৰকাশ কৰে কুটুমে ৷ লগতে কয় প্ৰতিটো পেকেটৰ বিনিময়ত ৫ হাজাৰ টকা লাভ কৰিছিল । ইফালে গহপুৰ আৰক্ষীয়ে অধিক তথ্যৰ বাবে সোধ পোছ অব্যাহত ৰাখিছে ড্ৰাগছ বেপাৰী মন্টু কুটুমক । 

লগতে পঢ়ক :Drug peddler gets 10 years jail: ড্ৰাগছ সৰবৰাহকাৰীক দহ বছৰৰ সশ্ৰম কাৰাদণ্ড, এক লাখ টকাৰ জৰিমনা

ABOUT THE AUTHOR

...view details