অসম

assam

হাতত ঝাৰু লৈ ৰাজপথত বিধায়ক ভূৱন গাম

ETV Bharat / videos

Swachh Bharat Abhiyan in Majuli: হাতত ঝাৰু লৈ ৰাজপথত বিধায়ক ভুৱন গাম - Swachh Bharat Mission

By ETV Bharat Assamese Team

Published : Oct 1, 2023, 2:23 PM IST

মাজুলী,১ অক্টোবৰ: ১৫ ছেপ্টেম্বৰৰ পৰা ২ অক্টোবৰ তাৰিখলৈ সমগ্ৰ দেশজুৰি অব্যাহত আছে স্বচ্ছতাই সেৱা অভিযান । বিশেষভাৱে ১ অক্টোবৰ দিনটোত এঘন্টা সময় অৰ্থাৎ ১০ বজাৰ পৰা ১১ বজালৈ সমগ্ৰ দেশতে চলিছে স্বচ্ছতাই সেৱা অভিযান । দেওবাৰে পুৱাই ব্যতিক্ৰমী ৰূপত দেখা গ'ল মাজুলীৰ বিধায়ক ভুৱন গামক । হাতত ঝাৰু লৈ পুৱাই মাজুলীৰ ৰাজপথলৈ ওলাই আহিল বিধায়ক ভুৱন গাম ।  

মাজুলীৰ ৰাজপথত ঝাৰু দিয়াত ব্যস্ত হৈ পৰিল বিধায়ক ভুৱন গাম । মাজুলীৰ জিলা সদৰ গড়মূৰত দলীয় সতীৰ্থৰ সৈতে হাতে হাতে ঝাৰু লৈ চাফাই কৰাত ব্যস্ত হৈ পৰে বিধায়কগৰাকী । জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্মদিনৰ লগত সংগতি ৰাখি মাজুলীৰ বিধায়ক গৰাকীৰ এই  স্বচ্ছতাই সেৱা অভিযানত নামি পৰে । গড়মূৰৰ মূল ঘাইপথ, লোকনিৰ্মাণ বিভাগৰ কাৰ্যালয়ৰ চৌপাশ, পীতাম্বৰ দেৱ গোস্বামী শিশু উদ্যানত এই স্বচ্ছতাৰ কাৰ্যসূচী চলোৱা পৰিলক্ষিত হয় ।

লগতে পঢ়ক:Swachh Bharat Abhiyan in Sivasagar : শিৱসাগৰত এক দিন এক ঘণ্টা একেলগে স্বচ্ছতা অভিযান কাৰ্যসূচী

ABOUT THE AUTHOR

...view details