ভোগালীক আদৰিবলৈ ব্যাপক প্ৰস্তুতি টেঙানিবাসীৰ - ভোগালীক আদৰাৰ প্ৰস্তুতি
Published : Jan 11, 2024, 10:56 AM IST
সৰুপথাৰ, ১০ জানুৱাৰী : বৰপথাৰ টেঙানি সন্মিলিত নাৰী সমাজ আৰু টেঙানিবাসীৰ সহযোগত মাঘী মেলা উদযাপন । হেঁপাহৰ ভোগালী বিহুলৈ কেইটামান দিন বাকী থকাৰ মাজতে ৰাজ্যৰ চৌদিশে এতিয়া বিৰাজ কৰিছে উখল-মাখল পৰিৱেশ । ৰাজ্যৰ চুকে-কোণে চলিছে ভোগালীক আদৰাৰ বিভিন্ন প্ৰস্তুতি।
গোলাঘাট জিলাৰ টেঙানিতো আয়োজন কৰা হৈছে মাঘী মেলা । টেঙানিৰ খকনগুৰি ৰাজহুৱা খেলপথাৰত টেঙানি সন্মিলিত নাৰী সমাজ আৰু টেঙানিবাসীৰ ৰাইজে এদিনীয়াকৈ আয়োজন কৰিছে মাঘী মেলা । দিনৰ ভাগত ৰছীটনা, হাঁহধৰা, মিউজিক চেয়াৰ আদি প্ৰতিযোগিতাৰ যোগেদি আনন্দমুখৰ হৈ পৰে মাঘী মেলা । লগতে জনজাতীয় খাদ্য সম্ভাৰৰ দোকানো পৰিলক্ষিত হয় । নিশা জনপ্ৰিয় কণ্ঠশিল্পী মন্টু গোহাঁইৰ লগতে ন শিল্পী অৰুন্ধতি গগৈ আৰু বহুকেইগৰাকী স্থানীয় শিল্পীৰ সংগীতানুষ্ঠান অনুষ্ঠিত হ’ব বুলি জানিবলৈ দিয়ে উদ্যোক্তাসকলে ।
লগতে পঢ়ক :লখিমপুৰত তিনিদিনীয়াকৈ আৰম্ভ হৈছে অসমী ভোগালী মেলা ২০২৪