Child marriage:বৰপেটাৰোডত বাল্যবিবাহ কৰি গ্ৰেপ্তাৰ হ’ল দীপাংকৰ দাস - বৰপেটা
বৰপেটাৰোড, 28 জুলাই : মুখ্যমন্ত্ৰীয়ে বাল্য বিবাহৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰাৰ পাচতেই বৰপেটাৰোডত বাল্যবিবাহৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান আৰম্ভ কৰে ৷ বৰপেটাৰোডত বাল্য বিবাহৰ গোচৰত গ্ৰেপ্তাৰ হল দীপাংকৰ দাস নামৰ এজন যুৱক । বাল্যবিবাহ কৰি POSCO আইনৰ অধীনত গ্ৰেপ্তাৰ হ’ল ১৯ বছৰীয়া যুৱক দীপাংকৰ দাস ।
জানিব পৰা মতে বৰপেটাৰোডৰ খৈৰাবাৰীৰ এগৰাকী ১৫ বছৰীয়া নাবালিকাক বিগত ছয় মাহ পূৰ্বে বিয়া কৰাইছিল দীপাংকৰ দাস নামৰ যুৱকজনে ৷ বিয়াৰ পাচৰে পৰাই দীপাংকৰ দাসে পত্নীৰ সৈতে বৰপেটাৰোডৰ ১০ নং ৱাৰ্ডৰ সঞ্জীৱ দেৱনাথৰ ঘৰত ভাড়াতীয়া হিচাপে আছিল ।
স্থানীয় আশাকৰ্মী গীতা সাহাই এই খবৰ লাভ কৰাৰ পাচতেই বৰপেটাৰোড আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰাত বৰপেটাৰোড আৰক্ষীয়ে 108/2023 নম্বৰত গোচৰটো পঞ্জীয়ন কৰি U/S-9/10 Of PCM Act,R/w Sec 4 of PCSO Act ৰ অধীনত গ্ৰেপ্তাৰ কৰে দীপাংকৰ দাসক । উল্লেখ্য যে, বাল্য বিবাহৰ গোচৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা দীপাংকৰ দাসৰ ঘৰ বাক্সা জিলাৰ গোৱৰ্দ্ধনাৰ নিমুৱা গাঁৱত বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়ক :Crime news of Barpeta:কলগাছিয়াত আৰক্ষীৰ জালত কুখ্যাত তীৰ মাফিয়া