অসম

assam

ভাৰতীয় যুৱ মৰ্চাৰ উদ্যোগত যোৰহাটত মাটি চাকি আৰু তেল বিতৰণ কাৰ্যসূচী

By ETV Bharat Assamese Team

Published : Nov 11, 2023, 9:20 PM IST

ETV Bharat / videos

Diwali Festival 2023 : ভাৰতীয় যুৱ মৰ্চাৰ উদ্যোগত যোৰহাটত মাটি চাকি আৰু তেল বিতৰণ কাৰ্যসূচী

যোৰহাট, 11 নৱেম্বৰ : মাজত মাত্ৰ কেইটামান ঘন্টা ৷ তাৰ পাচতে পোহৰ উৎসৱ দীপাৱলী পালন কৰিব ৰাজ্যবাসীয়ে ৷ দীপাৱলী উৎসৱ উপলক্ষে ভাৰতীয় জনতা যুৱ মৰ্চাৰ উদ্যোগত ৰাজ্যজুৰি মাটি চাকি আৰু মিঠাতেল বিতৰণ কৰা কাৰ্যসূচী ৰূপায়ন কৰা হৈছে ।

সেয়ে শনিবাৰে যোৰহাটৰ বৰুৱা চাৰিআলিত যুৱ মৰ্চাৰ তৰফৰ পৰা মাটি চাকি আৰু মিঠাতেল বিতৰণ কৰা হয় । প্লাষ্টিক জাতীয় সামগ্ৰী বৰ্জন কৰি থুলুৱা মৃৎ শিল্পক জীয়াই ৰখা আৰু মৃত শিল্পীসকলক উদ্গনি দিবলৈ ৰাজ্যজুৰি এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে বুলি জানিবলৈ দিছে যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি সিদ্ধাংকু অংকুৰ বৰুৱাই ৷

আনহাতে এইক্ষেত্ৰত তেওঁ কয় যে, থলুৱা শিল্পক জীয়াই ৰাখিবলৈ সকলোকে চীনা সামগ্ৰী বৰ্জন কৰিব লাগে ৷ থলুৱা মৃৎ শিল্পীৰ সমগ্ৰীৰে দেৱালী উদযাপন কৰিবলৈ আহ্বান জনাই বৰুৱাই ।

লগতে পঢ়ক:Diwali 2023: যোৰহাটবাসী সাজু সেউজ দিপাৱলী উদযাপন কৰিবলৈ

ABOUT THE AUTHOR

...view details