অসম

assam

তিনিচুকীয়াত ৰাষ্ট্ৰীয় একতা দিৱস সপ্তাহৰ সামৰণি

By ETV Bharat Assamese Team

Published : Oct 31, 2023, 2:32 PM IST

ETV Bharat / videos

National Unity Day: তিনিচুকীয়াত ৰাষ্ট্ৰীয় একতা দিৱস সপ্তাহৰ সামৰণি

তিনিচুকীয়া, 31 অক্টোবৰ: চৰ্দাৰ বল্লভ ভাই পেটেলৰ জন্মজয়ন্তীৰ সৈতে সংগতি ৰাখি তিনিচুকীয়াত পালন কৰা হয় ৰাষ্ট্ৰীয় একতা দিৱস ৷ তিনিচুকীয়া আৰক্ষীৰ উদ্যোগত পালন কৰা হয় এই দিৱসটি ৷ সপ্তাহ ধৰি পালন কৰি অহা ৰাষ্ট্ৰীয় একতা দিৱসৰ মঙলবাৰৰ সামৰণিৰ দিনটোত পুৱাই তিনিচুকীয়া চহৰত তিনিচুকীয়া আৰক্ষীৰ বৃহৎ দলে অতিৰিক্ত আৰক্ষী অধীক্ষক বিভাষ দাসৰ নেতৃত্বত মাকুমস্থিত দ্বিতীয় অসম আৰক্ষীৰ শিবিৰ আৰু তিনিচুকীয়াৰ 68 BN CRPF শিৱিৰৰ সহযোগত মাৰ্চ পাষ্ট উলিয়ায় ৷ 

পুৱাই চহৰখনত বাহিৰ কৰা আৰক্ষীৰ বৃহৎ দলৰ মাৰ্চ পাষ্ট অতি আকৰ্ষণীয় আছিল আৰু মাৰ্চ পাষ্ট উপভোগ কৰি আনন্দিত হৈ পৰা পৰিলক্ষিত হৈছিল তিনিচুকীয়াবাসীক ৷ উল্লেখ্য যে ৰাষ্ট্ৰীয় একতা দিৱসৰ সৈতে সংগতি ৰাখি সোমবাৰে চহৰখনত স্থানীয় ৰাইজৰ সহযোগত পুৱাই আৰক্ষীয়ে গ্ৰহণ কৰিছিল ৰান ফৰ ইউনিটি শীৰ্ষক কাৰ্যসূচী।

লগতে পঢ়ক:DGP GP Singh: আমাৰ ল’ৰা-ছোৱালীবোৰ আলফালৈ যাব নালাগে; আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং

ABOUT THE AUTHOR

...view details