অসম

assam

By

Published : Nov 25, 2022, 3:07 PM IST

Updated : Feb 3, 2023, 8:33 PM IST

ETV Bharat / videos

Municipal Employees Strike : নলবাৰীত পৌৰ কৰ্মচাৰীৰ কৰ্মবিৰতি

বিভিন্ন সমস্যা সমাধানৰ দাবীৰে আজি ৰাজ্যজুৰি পৌৰ নিকায় কৰ্মচাৰীয়ে পালন কৰিছে কৰ্মবিৰতি (Municipal employees strike in Assam) । সদৌ অসম পৌৰ নিকায় কৰ্মচাৰীৰ আহ্বানমৰ্মে নলবাৰীতো পৌৰ কৰ্মচাৰীয়ে পালন কৰিছে কৰ্মবিৰতি (Municipal employees strike in Nanbari) । ৰাজ্যৰ পৌৰ কৰ্মচাৰীসকলৰ মাহ মাহ ধৰি অনাদায় হৈ থকা দৰমহা আদায়ৰ লগতে ভিন্ন সমস্যা সমাধানৰ দাবীৰে সদৌ অসম পৌৰ নিকায় কৰ্মচাৰী সন্থাই আজি ৰাজ্যজুৰি এদিনীয়া সৰ্বাত্মক কৰ্মবিৰতিৰ আহ্বান জনাইছে । সদৌ অসম পৌৰ নিকায় কৰ্মচাৰী সন্থাৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নলবাৰীতো সদৌ অসম পৌৰ নিকায় কৰ্মচাৰী সন্থা, নলবাৰী শাখাৰ উদ্যোগত পুৱা ৫ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ এদিনীয়া সৰ্বাত্মক কৰ্মবিৰতি পালন কৰে নলবাৰী পৌৰসভাৰ কৰ্মচাৰীসকলে (Nalbari Municipal Board employees strike) । এই সময়চোৱাত চহৰখনৰ আৱৰ্জনাবোৰ চাফ-চিকুণ কৰাৰ পৰাও বিৰত থাকে কৰ্মচাৰীসকল ।
Last Updated : Feb 3, 2023, 8:33 PM IST

ABOUT THE AUTHOR

...view details