অসম

assam

By

Published : Jan 9, 2023, 7:11 AM IST

Updated : Feb 3, 2023, 8:38 PM IST

ETV Bharat / videos

Na Khua traditional utsav in Assam: আমগুৰিৰ দুলীয়া খেলপথাৰত ন খোৱা উৎসৱ

চুতীয়া জাতি যুৱ সন্মিলনৰ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত বৃহত্তৰ লোণপুৰীয়া দুলীয়া আঞ্চলিক সমিতি আৰু স্থানীয় ৰাইজৰ সহযোগত দুলীয়া খেলপথাৰত অনুষ্ঠিত হৈ যায় ন-খোৱা উৎসৱ (Na Khowa traditional utsav observed at Amguri)। পৰম্পৰাগত এই উৎসৱৰ কাৰ্যসূচী অনুসৰি পুৱাই পতাকা উত্তোলন কৰে উপেন বড়াই (Na Khua traditional utsav in Assam)। বন্তি প্ৰজ্বলন কৰে সীমান্ত শইকীয়াই । ইয়াৰ পাছতেই দেও কুবেৰ পূজা আৰু ন খোৱাৰ মাংগলিক পৰ্বৰ শুভাৰম্ভ হয় । অনুষ্ঠানটোৰ সৈতে সংগতি ৰাখি এখনি মুকলি সভাও অনুষ্ঠিত হয় । এই সভাত কেইবাগৰাকীও বয়োজেষ্ঠ ব্যক্তিক সম্বৰ্ধনা জনোৱা হয় ৷ অনুষ্ঠানটোৰ আঁত ধৰে অপুৰ্ব শইকীয়াই । দেওবাৰে আয়োজিত ন-খোৱা উৎসৱত চুতীয়া জাতি যুৱ সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ একাংশ বিষয়ববীয়াৰ লগতে মহিলা সন্মিলনৰো বিষয়ববীয়াসকল উপস্থিত থাকে । সন্মিলনৰ বিষয়ববীয়াসকলে চুতীয়া জাতিৰ জনজাতিকৰণ বিষয়টো সন্দৰ্ভতো সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া আগবঢ়ায় ৷ অনুষ্ঠানৰ শেষত আটায়ে লগে-ভাগে তৃপ্তিৰে এসাঁজ খাদ্য গ্ৰহণ কৰে ৷
Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

...view details