অসম

assam

হিমন্ত সৰু মানুহ টকাত বিক্ৰীত যাব

ETV Bharat / videos

controversy of Sankardev Sangha Program: মই সৰু মানুহ মোক আজমলে কিনিব পাৰে: মুখ্যমন্ত্ৰী - CM OnSrimanta Sankardev Sangha Program

By ETV Bharat Assamese Team

Published : Nov 7, 2023, 7:19 PM IST

গুৱাহাটী, 7 নৱেম্বৰ :  নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু এ আই ইউ ডি এফ নেতা তথা সাংসদ বদৰুদ্দিন অজমলৰ মাজত তুংগত উঠিছে কথাৰ কটাকটি ৷ কেইদিনমানৰ পূৰ্বে হিমন্ত বিশ্বৰ দৰে দহজন মুখ্যমন্ত্ৰীক কিনিব পাৰিম বুলি সাংসদ আজমলে মন্তব্য কৰিছিল  ৷ সাংসদ আজমলৰ সেই মন্তব্যৰ মঙলবাৰে প্ৰত্যুত্তৰ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

সাংসদ গৰাকীক সমালোচনা কৰি মুখ্যমন্ত্ৰীয়ে কয়, ‘‘মই বিক্ৰী হৈ যাম ৷ কিন্তু বৰ্তমান অসমত মোৰ ভেল্যু কিমান ? অসমৰ মুখ্যমন্ত্ৰীৰ বৰ্তমান বাজেট ডেৰ লাখ কোটি টকা ৷ হিমন্তক কিনাটো বেলেগ কথা ৷ মই সৰু মানুহ মোক কিনিব পাৰে ৷  মোৰ দৰে দহজন মুখ্যমন্ত্ৰীক কিনিবলৈ হ’লে আজমলক লাগিব 15 লাখ কোটি ৷ সেই টকা তেওঁৰ আছে নে নাই তেওঁক সুধি লওঁক ৷ সিমান টকা থাকিলে ভালে কথা ৷’’

আনহাতে গোৱালপাৰা জিলাৰ ধূপধৰাত অনুষ্ঠিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 30 সংখ্যক শিশু, যুৱ আৰু আইমাতৃ সমাৰোহত সাংসদ আজমল উপস্থিত থকাৰ সন্দৰ্ভতো তেওঁ কয়, ‘‘ বৰদোৱা থান বা শংকৰ সংঘত যেতিয়া আজমল যায় তেতিয়া আমাৰ মনটো ব্যথিত কৰি তোলে ৷ শংকৰ সংঘই সিদ্ধান্ত লোৱা উচিত বা বৰদোৱা থানৰ কৰ্তৃপক্ষই সিদ্ধান্ত লোৱা উচিত, যে তেওঁক এনেবোৰ অনুষ্ঠানত আমন্ত্ৰণ জনোৱাটো উচিত নে অনুচিত ৷ যেতিয়া এনে অনুষ্ঠানত আমাৰ মানুহে তেওঁলোকক ভৰিত ধৰি সেৱা কৰি গামোচা পিন্ধাই, সেই দৃশ্য দেখিলে আমাৰ মনটো ক্ষোভিত হৈ পৰে ৷’’

লগতে পঢ়ক:CM Himanta Biswa Sarma: কংগ্ৰেছৰ বাবে বাগানত বিজেপি শক্তিশালী হৈছে: মুখ্যমন্ত্ৰী 

ABOUT THE AUTHOR

...view details