অসম

assam

ভেজাল গাখীৰ পৰীক্ষাৰ বাবে উপস্থিত মোবাইল ভেন

ETV Bharat / videos

Testing of adulterated milk:ধুবুৰীত ভেজাল গাখীৰ পৰীক্ষাৰ বাবে উপস্থিত মোবাইল ভেন - ভেজাল গাখীৰ

By

Published : Jul 8, 2023, 10:55 PM IST

ধুবুৰী, 8 জুলাই : ধুবুৰীত দীৰ্ঘ দিনৰে পৰা ভেজাল গাখীৰ তথা বিষাক্ত দ্ৰব্য আৰু ব্ৰহ্মপুত্ৰৰ পানী মিহলাই হেজাৰ হেজাৰ লিটাৰ গাখীৰ বিক্ৰী কৰি অহা কাৰ্যই শিশুৰ পৰা বয়োজ্যেষ্ঠলৈকে সকলোৰে জীৱনলৈ চৰম ভাবুকি কঢ়িয়াই আনিছে । তেনে সময়তে জিলা খাদ্য সুৰক্ষা বিভাগে সম্পূৰ্ণৰূপে নিষ্ক্ৰিয় ভূমিকা গ্ৰহণ কৰি আহিছে। বিভাগীয় অমনোযোগিতাৰ প্ৰতি লক্ষ্য কৰি প্ৰায় এসপ্তাহ পূৰ্বে ধুবুৰীৰ একাংশ সচেতন লোকে বিষাক্ত দ্ৰব্য আৰু ব্ৰহ্মপুত্ৰৰ পানীৰ লগত আমূল পাউদাৰ মিহলাই হেজাৰ হেজাৰ লিটাৰ গাখীৰ প্ৰস্তুত কৰোঁতে হাতে লোতে ধৰা পেলায় গাখীৰ বিক্ৰেতাক । তাৰ পিচতেই ভয়ংকৰ সত্য পোহৰলৈ আহে ।

ঘটনা সন্দৰ্ভত বিভিন্ন সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পোৱাৰ পিচতেই গা লৰিল খাদ্য সুৰক্ষা বিভাগৰ । শনিবাৰে ধুবুৰীত উপস্থিত হ’ল খাদ্য সুৰক্ষা বিভাগৰ গাখীৰ পৰীক্ষা কৰা মোবাইল ভেন । বিশেষ লেবৰেটৰীত ধুবুৰী জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখৰ পাৰঘাটৰ উপৰিও আন বিভিন্ন স্থানত গৈ গাখীৰ পৰীক্ষা কৰাৰ পিচত বিষাক্ত দ্ৰব্য নাথাকিলেও পানী থকাৰ কথা উল্লেখ কৰে জিলা খাদ্য সুৰক্ষা বিভাগে । উল্লেখ্য যে, দীৰ্ঘ দিনৰে পৰা ধুবুৰীৰ চলাকুৰা, বীৰসিং চৰ, মাঝেৰচৰ, চৰ ভাষানী আদি কৰি বিভিন্ন চৰাঞ্চলৰ পৰা এনে ভেজাল গাখীৰ বিক্ৰী কৰি অহাৰ অভিযোগ উত্থাপন হৈ আহিছে ।

লগতে পঢ়ক :HIV Scenario in Dhubri: ধুবুৰীত দ্ৰুতগতিত সংক্ৰমিত হৈছে মাৰাত্মক এইচ আই ভি

ABOUT THE AUTHOR

...view details