অসম

assam

মাজুলীত অমৃত কলহ পঞ্চায়তলৈ আদৰণি অনুষ্ঠান

ETV Bharat / videos

Amrit Kalash Yatra 2023 : মাজুলীত ‘অমৃত কলহ’ পঞ্চায়তলৈ আদৰণি অনুষ্ঠান - ৰতনপুৰ মিৰি গাঁও পঞ্চায়ত

By ETV Bharat Assamese Team

Published : Oct 2, 2023, 3:40 PM IST

মাজুলী,2 অক্টোবৰ : সোমবাৰে মাজুলীত অমৃত কলহ পঞ্চায়তলৈ আদৰণি অনুষ্ঠান অনুষ্ঠিত হয় ৷ মাজুলীৰ 20 খন গাঁও পঞ্চায়তৰ প্ৰতিটো ৱাৰ্ডৰ পৰা অমৃত কলহৰ মাটি শোভাযাত্ৰা কৰি পঞ্চায়ত কাৰ্যালয়লৈ অনা হৈছে ৷ দেশৰ অন্যান্য প্ৰান্তৰ লগতে মাজুলীৰ উজনি মাজুলী উন্নয়ন খণ্ডৰ অন্তৰ্গত ৰতনপুৰ মিৰি গাঁও পঞ্চায়ত, লুইতপৰীয়া পঞ্চায়তকে ধৰি বহুকেইটা পঞ্চায়তত অনুষ্ঠিত হৈছে ‘অমৃত কলহ’ যাত্ৰা ৷

মহিলাসকলে নৃত্য, গীত আদি পৰিৱেশন কৰি মানুহৰ ঘৰে ঘৰে গৈ সংগ্ৰহ কৰা মাটি পঞ্চায়ত কাৰ্যালয়লৈ আদৰণি জনাই ৷ দেওবাৰে অনুষ্ঠিত ‘মোৰ মাটি মোৰ দেশ’ অনুষ্ঠানৰ অমৃত কলহ যাত্ৰাত অংশ লয় মাজুলীৰ বিধায়ক ভূৱন গাম, মাজুলী জিলা আয়ুক্ত কাবেৰী বি. শৰ্মাই ৷ 

উক্ত অনুষ্ঠানত অংশ গ্ৰহণ কৰা প্ৰতিগৰাকী মহিলাক ধন্যবাদ দি প্ৰধানমন্ত্ৰীৰ আহ্বানক সফল হোৱাৰ দিশে অগুৱাই নিয়া হৈছে বুলি মন্তব্য কৰে বিধায়ক ভূৱন গামে ৷ 

লগতে পঢ়ক:Congress Joining program: অৰ্ধ শতাধিক বিজেপি কৰ্মীয়ে যোগদান কৰিলে কংগ্ৰেছত

ABOUT THE AUTHOR

...view details