অসম

assam

ইউকেলিপ্টাছ গছ কাটি তহিলং

By ETV Bharat Assamese Team

Published : Dec 5, 2023, 1:53 PM IST

ETV Bharat / videos

শ্বাহ আলমে কাটি তহিলং কৰিলে 80 জোপা ইউকেলিপ্টাছ গছ !

মাণিকপুৰ, 5 ডিচেম্বৰ :বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত 2 নং কাৱাদিত সংঘটিত হৈছে এক অবাঞ্ছনীয় ঘটনা । সোমবাৰে নিশা গাঁওখনৰ বাসিন্দা আব্দুছ ছাত্তাৰৰ বাৰীত থকা 80 জোপা ইউকেলিপ্টাছ গছ কাটি তহিলং কৰে দুষ্টচক্ৰই । পাৰিবাৰিক শত্ৰুতাৰ ফলত আক্ৰোশমূলকভাৱে একেখন গাঁৱৰে এজন ব্যক্তিয়ে গছসমূহ কাটি তহিলং কৰা বুলি গুৰুতৰ অভিযোগ উঠিছে আব্দুছ ছাত্তাৰে ।

উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বেও কেইবাডালো গছ কাটিছিল কোনো দুষ্ট চক্ৰই । ঘটনা সন্দৰ্ভত মানিকপুৰ আৰক্ষী থানাত ভক্তভোগী আব্দুছ ছাত্তাৰে এজাহাৰ দাখিল কৰিছে । এই সমগ্ৰ ঘটনাৰ লগত শ্বাহ আলম নামৰ ব্যক্তিগৰাকী জড়িত হৈ আছে বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰিছে ভুক্তভোগী আব্দুছ ছাত্তাৰে ৷ সেয়ে এই ক্ষেত্ৰত দোষীক উচিত শাস্তি হোৱাটো বিচাৰিছে ভুক্তভোগীগৰাকীয়ে ৷

লগতে পঢ়ক :কলগাছিয়াৰ বৰদাঙাত অগ্নিকাণ্ডত, ভস্মীভূত এটা পৰিয়ালৰ দুটাকৈ গৃহ

ABOUT THE AUTHOR

...view details