Miscreants burn play ground : দুষ্কৃতিকাৰীয়ে জ্বলাই দিলে গৰ্ডন খেলপথাৰৰ ক্ৰিকেট একাডেমী - ঐতিহাসিক গৰ্ডন খেলপথাৰ
Published : Sep 24, 2023, 4:45 PM IST
নলবাৰী, ২৪ ছেপ্টেম্বৰ:এইবাৰ দুস্কৃতিকাৰীৰ কোপদৃষ্টি পৰিল গৰ্ডন খেলপথাৰত । খেলৰ সামগ্ৰী নষ্ট কৰাৰ লগতে আপত্তিজনক সামগ্ৰী পেলাই যায় খেলপথাৰত । নলবাৰী চহৰস্থিত ঐতিহাসিক গৰ্ডন খেলপথাৰত দুস্কৃতিকাৰীৰ কোপদৃষ্টি পৰাত ৰাইজৰ চকু কপালত উঠিছে ।
এই ঐতিহাসিক খেলপথাৰখন হৈছে সহস্ৰাধিক প্ৰতিভা সম্পন্ন খেলুৱৈৰ প্ৰশিক্ষণস্থলী । উল্লেখযোগ্য যে প্ৰতিটো পুৱা আৰু সন্ধিয়া শৰীৰচৰ্চা আৰু খেলৰ অভ্যাস কৰা যুৱক-যুৱতী, ডেকা-বুঢ়াৰে ভৰি পৰে খেলপথাৰখন । যেন ন-ৰঙত জীপাল হৈ পৰে খেল পথাৰখন । উক্ত খেল পথাৰ প্ৰাংগনত ২০১১ চনত গঢ়ি উঠিছিল গৰ্ডন ক্ৰিকেট একাডেমী । কিন্ত কোনো দুস্কৃতিকাৰীয়ে ক্ৰিকেটৰ প্ৰশিক্ষণ দিয়া অনুষ্ঠানটোৰ খেলৰ লগত জড়িত ভালেমান সামগ্ৰী নিশাৰ আন্ধাৰত নষ্ট কৰাৰ প্ৰয়াস কৰে ।
আজি পুৱা প্ৰশিক্ষণ শিৱিৰলৈ অহাৰ পিছত প্ৰশিক্ষক মহেশ্বৰ হালৈয়ে বিষয়টো প্ৰত্যক্ষ কৰে । ইয়াৰ লগতে খেল পথাৰ প্ৰাংগনত বহুতো নিচা জাতীয় আপত্তিজনক সামগ্ৰীও প্ৰত্যক্ষ কৰে । এই ঘটনাটোক উক্ত শিৱিৰৰ প্ৰশিক্ষকৰ উপৰি নলবাৰীৰ সচেতন মহলে গৰিহণা দিয়া লগতে দোষীক শাস্তি বিহাৰ দাবী জনাইছে ।