অসম

assam

ঘৰত কোনো নথকাৰ সুযোগ লৈ কিশোৰীক ধৰ্ষণ শ্ৰমিকৰ

By

Published : Jun 15, 2023, 7:39 PM IST

ETV Bharat / videos

Nalbari Rape Case: ঘৰত কোনো নথকাৰ সুযোগ লৈ কিশোৰীক ধৰ্ষণ শ্ৰমিকৰ

নলবাৰী, ১৫ জুন :নলবাৰীৰ জিলাৰ বৰমা আৰক্ষী থানাৰ অন্তৰ্গত হৰহৰিয়াত এগৰাকী কিশোৰীক ধৰ্ষণৰ ঘটনা সংঘটিত হৈছে ৷ ঘটনা অনুসৰি, বৃহস্পতিবাৰে হৰহৰিয়া গাঁৱত জল জীৱন মিছনৰ প্ৰকল্প এটাত কাম কৰি থকা ৰাজীবুল শ্বেখ নামৰ এটা শ্ৰমিকে এই জঘন্য ঘটনা সংঘটিত কৰিছে ৷ প্ৰকল্পটোৰ সমীপৰে এটা পৰিয়ালত ঘৰত কোনো নথকাৰ সুযোগ লৈ পোন্ধৰ বছৰীয়া কিশোৰী এগৰাকীৰ সৈতে অসৎ কামনা চৰিতাৰ্থ কৰে ৰাজীবুলে ৷ 

ৰাজীবুলৰ চাল চলনত ওচৰৰ এজন লোকৰ সন্দেহ ওপজাত লোকজনে কিশোৰীগৰাকীৰ ঘৰলৈ যোৱাত শ্ৰমিকটোক কিশোৰীগৰাকীৰ সৈতে হাতে-লোটে ধৰা পেলায় । পিচত স্থানীয় লোকে ধৰ্ষণৰ অভিুক্ত ৰাজীবুল শ্বেখক উত্তম মধ্যম শোধাই বৰমা আৰক্ষী থানাত খবৰ দিয়ে। 

পৰৱৰ্তী সময়ত বৰমা থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ৰাজীবুল শ্বেখ আৰু কিশোৰীগৰাকীক থানালৈ লৈ যায় । দুমাহ পূৰ্বে কিশোৰীগৰাকীৰ পিতৃৰ মৃত্যু হোৱাত মাতৃয়ে ধমধমাৰ এখন চাহৰ দোকানত কাম কৰি পৰিয়াল পোহপাল দি আছিল ৷ ভুক্তভোগী কিশোৰীগৰাকীৰ পৰিয়ালটোক ন্যায় দিবলৈ স্থানীয় ৰাইজে দাবী উত্থাপন কৰিছে ৷

লগতে পঢ়ক:Dead body recovered: ডিব্ৰুগড়ত মহিলাৰ মুণ্ডহীন অৰ্ধগলিত মৃতদেহ উদ্ধাৰ

ABOUT THE AUTHOR

...view details