অসম

assam

বিন্ধাকটাত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

ETV Bharat / videos

Durga Puja 2023 : চাবুৱাৰ খাৰজান চাহ বাগিচাৰ পূজাত উপস্থিত হৈ নষ্টালজিক হৈ পৰিল সৰ্বানন্দ সোণোৱাল

By ETV Bharat Assamese Team

Published : Oct 23, 2023, 8:07 PM IST

ডিব্ৰুগড়, 23 অক্টোবৰ : ৰাজ্যজুৰি নৱমীৰ পাৰভঙা উছাহ ৷ অতি ব্যস্ততাৰ মাজতো ৰাজ্যৰ বিভিন্ন প্ৰান্তত মুখ্যমন্ত্ৰীৰ পৰা মন্ত্ৰী-বিধায়ক সকলে ৰাইজৰ সৈতে দেৱী দুৰ্গাৰ আৰ্শীবাদ লোৱা দেখিবলৈ পোৱা গৈছে ৷ পিছ পৰি থকা নাই কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷  

সোমবাৰে দুৰ্গোৎসৱৰ নৱমীৰ দিনা চাবুৱাৰ জন্ম গাঁও বিন্ধাকটাত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ চাবুৱাৰ খাৰজান চাহ বাগিচাৰ দুৰ্গা পূজাত উপস্থিত হৈ দেৱী দুৰ্গাৰ আৰ্শীবাদ ল'লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ পূজাত উপস্থিত হৈ নষ্টালজিক হৈ পৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকী ৷

সোণোৱালে শৈশৱত কেনেকৈ পূজা উপভোগ কৰিছিল সাংবাদিকৰ আগত ৰোমন্থন কৰা পৰিলক্ষিত হয় ৷ পূজাৰ সময়ত শৈশৱত কি কি কৰিছিল সেই কথাও ক'লে কেন্দ্ৰীয় মন্ত্ৰীজনে ৷ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ গৃহ পঞ্চায়ত বিন্ধাকটাত অনুষ্ঠিত খাৰজান, বিন্ধাকটা, পুখুৰীজান, বালিজান আদিকে ধৰি কেইবাখনো দুৰ্গা পূজাত দেৱী দুৰ্গাৰ আৰ্শীবাদ লোৱাৰ লগতে পিতৃ-মাতৃৰ সমাধিত সেৱা ল'লে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷ এই সময়ছোৱাত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক সংগ দিয়ে অসম পৰ্যটন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱাকে ধৰি বহু কেইজন জ্যেষ্ঠ বিজেপি নেতাই ৷ 

লগতে পঢ়ক :Maha Navami 2023 : নলবাৰীৰ ইতিহাস প্ৰসিদ্ধ বিল্বেশ্বৰ দেৱালয়ত ১০ দিনীয়া কাৰ্যসূচীৰে পূজাৰ মহা আয়োজন

ABOUT THE AUTHOR

...view details