অসম

assam

শিল্পী ড৹ বীৰেন্দ্ৰনাথ দত্তৰ মৃত্যুত গভীৰ শোক প্ৰকাশ

ETV Bharat / videos

Dr Birendranath Dutta is no more: ড৹ বীৰেন্দ্ৰনাথ দত্তই সমাজলৈ আগবঢ়োৱা অৱদান অসমীয়াই পাহৰিব নোৱাৰে : সৰ্বানন্দ সোণোৱাল - বিশিষ্ট শিল্পী ড৹ বীৰেন্দ্ৰ নাথ দত্ত

By ETV Bharat Assamese Team

Published : Oct 23, 2023, 6:47 PM IST

ডিব্ৰুগড়, 23 অক্টোবৰ : পূজাৰ আনন্দৰ মাজতে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বিশিষ্ট লোক-সংস্কৃতিৰ গৱেষক পণ্ডিত, বিশিষ্ট শিল্পী ড৹ বীৰেন্দ্ৰ নাথ দত্ত আজি স্বৰ্গগামী হয় । ড৹ বীৰেন্দ্ৰ নাথ দত্তৰ মৃত্যু অসমৰ সমাজ জীৱনৰ অপূৰণীয় ক্ষতি ।

অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, বিশিষ্ট শিল্পী ড৹ বীৰেন্দ্ৰনাথ দত্তৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ । ডিব্ৰুগড়ত বিশিষ্ট শিল্পীগৰাকীৰ মৃত্যুত সমবেদনা জ্ঞাপন কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, ‘‘অসমৰ সাংস্কৃতিক জগতৰ এগৰাকী মহন শিল্পী আছিল ড৹ বীৰেন্দ্ৰনাথ দত্ত । এইগৰাকী মহান শিল্পীয়ে সমাজলৈ আগবঢ়োৱা অৱদান অসমীয়াই কোনো দিনেই পাহৰিব নোৱাৰে’’ ।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ লগতে ড৹ বীৰেন্দ্ৰনাথ দত্তৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী বিমল বড়ায়ো ৷

লগতে পঢ়ক :Last rites of Dr Birendranath Dutta : ৰাজ্যিক মৰ্যাদাৰে শেষ বিদায় জনোৱা হ’ব লোক-সংস্কৃতিৰ গৱেষক ড৹ বীৰেন্দ্ৰনাথ দত্তক

ABOUT THE AUTHOR

...view details