Gunotsav 2023 : নগাঁৱত শিক্ষকৰ ৰূপত মন্ত্ৰী পৰিমল শুক্লবৈদ্য - Arnamai Bora murder case
শিক্ষকৰ ৰূপত দেখা গ’ল আবকাৰী আৰু পৰিবহন বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যক (Minister Parimal Suklabaidya)৷ বৃহস্পতিবাৰে নগাঁৱত মন্ত্ৰীগৰাকীক দেখা গ’ল এই ব্যতিক্ৰমী ৰূপত ৷ শ্ৰেণীকোঠাত ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনিময়ো কৰিলে অসম চৰকাৰৰ মন্ত্ৰীগৰাকীয়ে ৷
শিক্ষাৰ গুণগত মানদণ্ড পৰীক্ষণৰ বাবে বুধবাৰৰ পৰা ৰাজ্যৰ বিদ্যালয়সমূহত আৰম্ভ হৈছে গুণোৎসৱ (Gunotsav 2023)৷ প্ৰথম পৰ্যায়ত ৰাজ্যৰ বাৰখন জিলাত আৰম্ভ হৈছে গুণোৎসৱ ৷ উক্ত বাৰখন জিলাৰ ভিতৰত নগাঁও জিলাতো আৰম্ভ হয় প্ৰথম পৰ্যায়ৰ গুণোৎসৱ ৷ বুধবাৰে নগাঁৱৰ 6টা শিক্ষাখণ্ডৰ মুঠ ২১২৮ খন চৰকাৰী খণ্ডৰ বিদ্যালয়ত স্ব-মূল্যায়ন কাৰ্যসূচী ৰূপায়ণ হয় ৷ ইয়াৰ পিচতে বৃহস্পতিবাৰৰ পৰা বিদ্যালয়সমূহৰ মূল্যায়ন প্ৰক্ৰিয়া অনুষ্ঠিত হয় ৷
প্ৰথম পৰ্যায়ৰ গুণোৎসৱৰ দ্বিতীয় দিনটোত বৃহস্পতিবাৰে নগাঁৱৰ ভোগেশ্বৰ হাজৰিকা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ত উপস্থিত হ’ল অসম চৰকাৰৰ আবকাৰী আৰু পৰিবহন বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্য (Parimal Suklabaidya in Nagaon school)৷ বিদ্যালয়খনত উপস্থিত হোৱাৰ পিচত মন্ত্ৰীগৰাকীয়ে শ্ৰেণীকোঠাত সোমাই ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰে ৷
প্ৰায় দুঘণ্টা সময় শিক্ষানুষ্ঠানখনৰ বিদ্যায়তনিক দিশ পৰ্যবেক্ষণ কৰে নগাঁও জিলাৰ অভিভাৱক তথা জ্যেষ্ঠ মন্ত্ৰীগৰাকীয়ে সন্তুষ্টি প্ৰকাশ কৰে ৷ বিদ্যালয়খনত এক সংস্কাৰী পৰিৱেশে বিৰাজ কৰি থকা বুলি মন্তব্য কৰি পৰিৱেশটো গঢ়ি তোলাৰ বাবে মন্ত্ৰীগৰাকীয়ে শিক্ষক-কৰ্মচাৰীসকলক ধন্যবাদ জ্ঞাপন কৰে ৷ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ উপৰিও অভিভাভৱকসকলৰ সমাজ ব্যৱস্থাৰ শলাগ লয় মন্ত্ৰীগৰাকীয়ে ৷ তেওঁ কয় যে, বিদ্যালয়খনৰ ছাত্ৰীসকলে খুউৱ সুন্দৰকৈ কথা ক’ব জানে আৰু গীত পৰিৱেশন কৰিব পাৰে ৷ ছাত্ৰীসকল নিৰ্মল চৰিত্ৰৰ অধিকাৰী বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে ৷
আনহাতে অৰ্ণমাই বৰা হত্যাকাণ্ডৰ(Arnamai Bora murder case) সন্দৰ্ভত উচ্চ ন্যায়ালৰ ৰায়ৰ সন্দৰ্ভত ভিন্নজনৰ প্ৰতিক্ৰিয়াৰ বিষয়েও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷ আৰক্ষীৰ শীৰ্ষ বিষয়াইও বিষয়টোত আৰক্ষীৰ দোষ আছে বুলি কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মন্ত্ৰী শুক্লবৈদ্যই কয় যে আৰক্ষীয়ে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ তেওঁ কয় যে, ন্যায়ালয়ে ৰায় দিয়াৰ পিচত ৰাজনীতিত থকা মানুহে মন্তব্য দিয়াৰ উপায় নাই ৷
তথাপিও তেওঁ কয় যে, উচ্চ ন্যায়ালৰ ৰায়ৰ পিচতো উচ্চ পৰ্যায়লৈ যোৱাৰ ব্যৱস্থা আছে ৷ গতিকে এই ক্ষেত্ৰত অৰ্নমাই বৰাৰ পৰিয়ালৰ লোকক সহযোগিতা আগবঢ়োৱাৰ লগতে ন্যায়ৰ আশা কৰে মন্ত্ৰীগৰাকীয়ে ৷ ইয়াৰ দ্বাৰা তেওঁ বুজায় যে, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বিষয়টোৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ কথা কোৱাৰ দৰেই মন্ত্ৰী পৰিমল শুক্লবৈদ্যয়ো উচ্চতম ন্যায়ালয়ৰ ওচৰত ন্যায় প্ৰাৰ্থনা কৰাৰ পোষকতা কৰে ৷