Meri Maati Mera Desh event in Kaliabor : কলিয়াবৰত মোৰ মাটি মোৰ দেশ অনুষ্ঠানত মন্ত্ৰী কেশৱ মহন্ত
কলিয়াবৰ, 14 আগষ্ট :আজাদী কা অমৃত মহোৎসৱৰ অংশ স্বৰূপে "মোৰ মাটি, মোৰ দেশ" অভিযানৰ অধীনত কলিয়াবৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত পূৱ-পূথৰীয়া গাঁও পঞ্চায়তত অসম চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী তথা কলিয়াবৰ বিধানসভা সমষ্টিৰ বিধায়ক কেশৱ মহন্তই 'শিলাফলকম' উদ্বোধন কৰি 'পঞ্চ প্ৰাণ সংকল্প' তথা বৃক্ষৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৷
এই অনুষ্ঠানত কলিয়াবৰৰ মহকুমাধিপতি লিজা তালুকদাৰ, আঞ্চলিক পঞ্চায়তৰ সভাপতি, খণ্ড উন্নয়ন বিষয়া (কলিয়াবৰ), গাঁও পঞ্চায়তৰ সভাপতি-সম্পাদক, অন্যান্য বিষয়ববীয়া, পঞ্চায়তৰ সদস্যসকল তথা স্থানীয় ৰাইজ উপস্থিত থাকে ৷
উল্লেখযোগ্য যে, শ্বহীদ আৰু বীৰ যোদ্ধা সকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে বুধবাৰৰ পৰা দেশজুৰি সপ্তাহজোৰাকৈ আৰম্ভ হৈছে 'শিলাফলকম' নামৰ এক দেশপ্ৰেমমুলক অনুষ্ঠান ৷ এই কাৰ্যসূচীৰ প্ৰথম দিনটোত স্থানীয় পঞ্চায়ত, পৌৰ এলেকাৰ স্বাধীনতা সংগ্ৰামী, স্বাধীনতা আন্দোলনৰ শ্বহীদ, কৰ্তব্যৰত অৱস্থাত দেশৰ বাবে প্ৰাণ আহুতি দিয়া সেনা, অৰ্ধসামৰিক বাহিনী বা আৰক্ষী বিষয়াক স্মৰণৰ বাবে স্মৃতিফলক উৎসৰ্গিত কৰা হৈছে ৷