Insects destroy paddy crops:মাজুলীৰ পথাৰত শূৰ পোক প্ৰতিৰোধৰ বাবে ব্য়ৱস্থাৰ আশ্বাস কৃষি মন্ত্ৰীৰ - Agriculture Minister Atul Bora
Published : Sep 26, 2023, 5:45 PM IST
মাজুলী, ২৬ ছেপ্তেম্বৰ:আজি ঢকুৱাখনাত আয়োজন কৰা এখন সভাত অংশগ্ৰহণ কৰিবৰ বাবে অহা কৃষি মন্ত্ৰী অতুল বৰাই কমলাবাৰী পাৰঘটত উপস্থিত হয় । কৃষি মন্ত্ৰী অতুল বৰাই কমলাবাৰী পাৰঘাটত মাজুলীৰ পথাৰত শূৰ পোকে তাণ্ডৱ চলোৱাৰ পিচত কৃষি বিভাগে কেনে ব্য়ৱস্থা গ্ৰহণ কৰিছে সেই সন্দৰ্ভত মন্তব্য় কৰে ।
কৃষি মন্ত্ৰী অতুল বৰাই কয়,"বানপানীৰ পাচত কৃষিভূমিত পোকৰ আক্ৰমণ হয় । তাৰ বাবে আমাৰ কৃষি বিভাগ সম্পূৰ্ণ সাজু । মাজুলী চৰাইবাহি পথাৰত হোৱা আক্ৰমণৰ কথা বুজ লৈ উচিত ব্যৱস্থা গ্ৰহণ কৰিম ।" ইফালে,বোকাখাতৰ তথা অসমবাসী গৌৰৱ উমা ছেত্ৰীক লৈ মন্তব্য় কৰে মন্ত্ৰীগৰাকীয়ে । তেওঁ কয় উমা ছেত্ৰী অসমৰ গৌৰৱ । এখন ভিতৰুৱা ঠাইৰ বাসিন্দা । তেওঁ কৰা কঠোৰ অনুশীলনৰ বাবে আজিৰ তাৰিখত সফলতা লাভ কৰিছে ।
লগতে পঢ়ক:Friendship Car Rally 2023: চুবুৰীয়া তিনি ৰাষ্ট্ৰক সামৰি বি আই বি এন ফ্ৰেণ্ডশ্বিপ কাৰ ৰেলীৰ আয়োজন