অসম

assam

প্ৰাপ্য বঞ্চিত ৰান্ধনী-সহায়িকাৰ দিশপুৰ ঘেৰাও কাৰ্যসূচী

ETV Bharat / videos

Protest at Khanapara: প্ৰাপ্য বঞ্চিত ৰান্ধনী সহায়িকাৰ দিছপুৰ ঘেৰাও কাৰ্যসূচী - MID DAY MEAL sCHEME IN ASSAM

By ETV Bharat Assamese Team

Published : Sep 11, 2023, 10:43 AM IST

গুৱাহাটী 11 ছেপ্টেম্বৰ: খানাপাৰাত ৰান্ধনী-সহায়িকাৰ বিশাল প্ৰতিবাদ । হাতে হাতে কাঁহী-বাতি-হেতা লৈ দিশপুৰ ঘেৰাও কাৰ্যসূচী গ্ৰহণ কৰে ক্ষোভিত  ৰান্ধনী-সহায়িকাই । পুৱা 7 বজাতে খানাপাৰাৰ কইনাধৰাৰ পৰা দিশপুৰলৈ আগবাঢ়ে এই বিশাল প্ৰতিবাদী সমদল । ন্যায্য প্ৰাপ্তিৰ দাবীৰে ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা অহা হেজাৰ হেজাৰ প্ৰতিবাদকাৰীয়ে উত্তাল পৰিৱেশৰ সৃষ্টি কৰে খানাপাৰাত । 

অসম চৰকাৰ হায় হায়, হিমন্ত মামা মিছলীয়া, আমাৰ দাবী ন্যায্য দাবী, আমাৰ অনাদায় দৰমহা অতি শীঘ্ৰে মোকলাই দিয়ক আদি শ্ল’গান দি দিশপুৰলৈ আগবাঢ়ে ৰান্ধনী-সহায়িকাৰ প্ৰতিবাদী মিচিল । লগে লগে প্ৰতিবাদকাৰীক বাধা দিয়ে আৰক্ষীয়ে । কইনাধৰাৰ পৰা হোটেল ভিভান্টাৰ সন্মুখলৈ প্ৰায় 1 কিলোমিটাৰ আগবঢ়াৰ পিচতে প্ৰতিবাদকাৰী ৰান্ধনী-সহায়িকাসকলক আটক কৰি লৈ যোৱা হয় চচলৰ প্ৰতিবাদস্থলীলৈ । 

উল্লেখযোগ্য যে, বিগত কেবামাহ ধৰি মধ্যাহ্ন ভোজনৰ ৰান্ধনী সহায়িকাসকলৰ নিজৰ প্ৰাপ্য দৰমহা অনাদায় হৈ আছে । অনাদায় দৰমহা অতি শীঘ্ৰে মুকলি কৰি দিবলৈ চৰকাৰক দাবী জনাই প্ৰতিবাদকাৰীসকলে । লগতে তেওঁলোকৰ দৰমহা 1500 ৰ পৰা 9000 টকালৈ বৃদ্ধি কৰিবলৈ দাবী জনায় প্ৰতিবাদকাৰীসকলে । 

আনহাতে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই ৰান্ধনী-সহায়িকাসকলক অৰুনোদয় আচঁনিৰ অন্তৰ্ভুক্ত কৰিব বুলি অৱগত কৰিছিল যদিও সেয়া আজি পৰ্যন্ত হৈ উঠা নাই বুলি কয় ৰান্ধনী-সহায়িকাসকলে । 

লগতে পঢ়ক:Dibrugarh road accident: একেখন ইন’ভাতে দুই পৰিয়ালে হাঁহি ফূৰ্তিৰে আহিছিল অন্নপ্ৰাসন খাই; আদ বাটতে দুৰ্ঘটনা !

ABOUT THE AUTHOR

...view details