অসম

assam

হেক হ’ল প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ গোস্বামীৰ ফেচবুক একাউণ্ট

By ETV Bharat Assamese Team

Published : Dec 17, 2023, 10:21 AM IST

ETV Bharat / videos

হেকাৰৰ কৱলত প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰৰ ফেচবুক পেজ

গুৱাহাটী, ১৭ ডিচেম্বৰ :হেক হ’ল প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ গোস্বামীৰ ফেচবুক একাউণ্ট আৰু পেজ । ১৪ ডিচেম্বৰৰ নিশা ১০ বজাৰ পৰা হেক কৰা হৈছে কংগ্ৰেছ নেত্ৰীগৰাকীৰ ফেচবুক একাউণ্ট আৰু পেজ । ঘটনা সন্দৰ্ভত কংগ্ৰেছ নেত্ৰীগৰাকীয়ে ফেচবুক কৰ্তৃপক্ষক অৱগত কৰাৰ লগতে ১৬ ডিচেম্বৰত হাতীগাঁও থানাত এখন এজাহাৰ দাখিল কৰে ।

উল্লেখ্য যে, কংগ্ৰেছ নেত্ৰীগৰাকীৰ ফেচবুক একাউণ্ট আৰু পেজ হেক হোৱাৰ পাচতে প্ৰফাইলটোত অশ্লীল ফটো আপলোড কৰা হৈছে । এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মীৰা বৰঠাকুৰ গোস্বামীয়ে কয় যে ১৪ ডিচেম্বৰৰ নিশা ৯ বজাৰ পাচৰ পৰা ফেচবুক একাউণ্ট তথা পেজত তেওঁ কোনো ধৰণৰ বিষয় আপলোড কৰা নাই । কিবা যদি আপলোড কৰা হৈছে সেয়া কোনো দুষ্ট চক্ৰই কৰিছে ।

জনমানসত সেও প্ৰতিপন্ন কৰাৰ বাবে কোনো দুষ্ট চক্ৰই তেনে কাম কৰা বুলি তেওঁ অভিযোগ কৰে । ঘটনা সন্দৰ্ভত তেওঁ কংগ্ৰেছ আই টি চেলৰ উপৰি চাইবাৰ ক্ৰাইম ব্ৰাঞ্চকো অৱগত কৰিছে ।

লগতে পঢ়ক :সংসদৰ নিৰাপত্তা ভংগৰ ঘটনা; ষষ্ঠ অভিযুক্ত মহেশ কুমাৱটক ৭ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ

ABOUT THE AUTHOR

...view details