অসম

assam

গৰাখহনীয়াগ্ৰস্তলৈ সহায়ৰ হাত AIDWA ৰ

ETV Bharat / videos

Erosion in Assam: গৰাখহনীয়াগ্ৰস্তলৈ সহায়ৰ হাত AIDWA ৰ, নিৰ্বিকাৰ ভূমিকাত স্থানীয় বিধায়ক - নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতি

By ETV Bharat Assamese Team

Published : Sep 4, 2023, 1:54 PM IST

জনীয়া, 4 ছেপ্টেম্বৰ: বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত বলাইপথাৰ গাঁৱৰ গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰে নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিৰ এটি সঁজাতি দলে । উল্লেখযোগ্য যে, জনীয়া সমষ্টিৰ বলাইপথাৰ গাঁৱত বেকী নদীৰ গৰাখহনীয়াই কালৰূপ ধাৰণ কৰি চপৰা চপৰে খহাই নিছে নৈপৰীয়া ৰাইজৰ ভেটি মাটি ।

গাঁওখনত বিগত দুই মাহ ধৰি অব্যাহত আছে বেকী নদীৰ গৰাখহনীয়া । এই গৰাখহনীয়াত 53 টাকৈ পৰিয়ালৰ ভেটি, মাটি সম্পূৰ্ণৰূপে নৈৰ বুকুত বিলীন হৈছে বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে । 

বৰ্তমান উক্ত পৰিয়ালসমূহে ৰাস্তাৰ দাঁতিত অথবা আনৰ ঘৰত আশ্ৰয় ল’বলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে । কিন্তু আজিকোপতি জনীয়া সমষ্টিৰ তিনিবাৰৰ বিধায়ক ড° হাফিজ ৰফিকুল ইছলামে উক্ত গৰাখহনীয়াগ্রস্ত অঞ্চল পৰিদৰ্শন নকৰাত নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিয়ে ক্ষোভ প্ৰকাশ কৰে আৰু খহনীয়াগ্রস্থ লোকৰ দুখ-দুৰ্দশাৰ বুজ লয় ৷ 

খহনীয়াগ্রস্থ 53 টা পৰিয়ালক 1 হাজাৰ টকাকৈ সাহাৰ্য আগবঢ়ায় সমিতিয়ে । উক্ত সময়ছোৱাত গণতান্ত্ৰিক মহিলা সমিতিৰ ৰাজ্যিক সভানেত্ৰী ড৹ স্বৰ্ণলতা দাস, ভাৰতৰ গণতান্ত্ৰিক মহিলা সমিতিৰ ৰাজ্যিক সম্পাদিকা নিয়তি বৰ্মনকে ধৰি বহু কৰ্মকৰ্তা উপস্থিত থাকে । 

লগতে পঢ়ক: Beki River Erosion: কেমেৰাৰ সমুখতে বেঁকীৰ বুকুত জাহ গ’ল ঘৰ; উপায়হীন নৈ পৰীয়া

ABOUT THE AUTHOR

...view details