বনৰীয়া ম’হৰ আক্ৰমণত এজন লোকৰ মৃত্যু - কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
Published : Dec 17, 2023, 6:42 PM IST
নগাঁও, 17 ডিচেম্বৰ : ৰাজ্যজুৰি হাতী মানুহৰ সংঘাতৰ ঘটনাই বাতৰিৰ শিৰোনাম দখল কৰাৰ সময়তেই এইবাৰ নগাঁও জিলাৰ কলিয়াবৰত বনৰীয়া ম’হৰ ত্ৰাস ৷ কলিয়াবৰত বনৰীয়া ম’হৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈ চিকিৎসালয়ত মৃত্যুবৰণ কৰে এজন লোকে ৷
শনিবাৰে কুঠৰীৰ দেওপানীত বনৰীয়া ম'হৰ আক্ৰমণত গুৰুlৰভাৱে আহত হৈছিল চাৰসিং ইংতি নামৰ লোকজন । সংকটজনক অৱস্থাত লোকজনক জখলাবন্ধাৰ কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল । কিন্তু লোকজন গুৰুতৰভাৱে আহত হোৱাত সংকটজনক অৱস্থাত তেওঁক তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছিল ৷ কিন্তু লোকজনে চিকিৎসাধীন অৱস্থাতেই দেওবাৰে মৃত্যুক আকোঁৱালি লয় ৷ লোকজনৰ মৃত্যুৰ পিচতে তেওঁৰ পৰিয়াল শোকত ভাগি পৰিছে ৷
উল্লেখ্য যে, কিছুদিনৰ পূৰ্বে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপতে বনৰীয়া ম'হৰ আক্ৰমণত দুজনকৈ লোক নিহত হৈছিল (wild buffalo attack)।
লগতে পঢ়ক:মহানগৰীৰ লাল গণেশত বিধ্বংসী অগ্নিকাণ্ড, নিমিষতে ছাঁই হ’ল বহু সম্পত্তি