Man Get Electructed in Guwahati: মহানগৰীত বিদ্যুতস্পৃষ্ট হৈ আহত শ্ৰমিক - Electric Shock Accident in Guwahati
গুৱাহাটী, 1 মে’ :শ্ৰমিক দিৱসৰ দিনাই মহানগৰীত সংঘটিত হ’ল এক ভয়ংকৰ অঘটন ৷ লতাকটাত বোৰিং কৰিবলৈ অহা এজন যুৱক বিদ্যুতস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত হ’ল এজন শ্ৰমিক (Man Gets Electrocuted While Boring Tube Well) ৷
জানিব পৰা মতে, লতাকটা সীমান্তপুৰৰ গনেশ কলিতা নামৰ এজন ব্যক্তিৰ ঘৰত TN 32 E 3162 নম্বৰৰ এখন বাহনত কেবাজনো শ্ৰমিক আহিছিল ব’ৰিং কৰিবলৈ ৷ তাৰ পাচত বাহনৰ ওপৰত থকা মেচিনত পানী ভৰাবলৈ ওপৰত উঠিছিল যুৱকজন ৷ কিন্তু দুৰ্ভাগ্যজনকভাৱে উচ্চ ক্ষমতা সম্পন্ন কাৰেন্টত লাগি দেহৰ আধা অংশ জ্বলি যায় যুৱকজনৰ (Man Get Electructed in Guwahati) ৷
আহত যুৱকজন টংলাৰ প্ৰানজিৎ কেৰকেটা বুলি জানিব পৰা গৈছে ৷ বাতৰি যুগুত কৰা পৰলৈকে লাভ কৰা তথ্য অনুসৰি, সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসা মহবিদ্যালয়ত ভৰ্তি কৰা হয় আহত যুৱকজনক (Electric Shock Accident in Guwahati) ৷
লগতে পঢ়ক:Nalbari Daulasal storm news: প্ৰচণ্ড ধুমুহাত দৌলাশাল আৰক্ষী চকীৰ বিস্তৰ ক্ষতিসাধন