অসম

assam

মাছ মাৰিবলৈ গৈ জামজিং-বুঢ়ীসুঁতি নদীত এজন লোকৰ সলিল সমাধি

ETV Bharat / videos

one died at Jonai: মাছ মাৰিবলৈ গৈ সলিল সমাধি এজনৰ - এজন লোকৰ সলিল সমাধি

By ETV Bharat Assamese Team

Published : Oct 2, 2023, 10:47 PM IST

জোনাই, ২ অক্টোবৰ: ধেমাজি জিলাৰ চিমেন চাপৰি আৰক্ষী থানাৰ ২ নং লকলুং গাঁৱত শোকাৱহ ঘটনা ৷ মঙলবাৰে জামজিং-বুঢ়ীসুঁতি নদীত এজন লোকৰ সলিল সমাধি ঘটে । 

ঘটনাৰ বিৱৰণী মতে, ২ নং লকলুং গাঁৱৰ বিৰণ স্বৰ্গীয়াৰীয়ে দেওবাৰে পুৱা নলবাৰী গাঁৱৰ খেতি মাটি চাবলৈ সেই ঠাইৰে লগৰীয়াৰ সৈতে এখন নাৱেৰে জামজিং-বুঢ়ীসুঁতি নদী পাৰ হয় । লোকজনে খেতি মাটি চোৱাৰ পাচত নদীখনত জালেৰে মাছ মাৰি থকাৰ সময়তে নদীখন সাঁতুৰি পাৰ হ’বলৈ লওঁতে পানীত বুৰ যায় । 

ইয়াৰ পিচতে স্থানীয় লোকে  বিৰণক বুৰ যোৱা প্ৰত্যক্ষ কৰে ৷ লগে লগে গাঁৱৰ মানুহে লোকজনক উদ্ধাৰ কৰিবলৈ চেষ্টা কৰে যদিও আন্ধাৰ হৈ অহাৰ বাবে ৰাইজে ঘৰাঘৰি যায় ৷ তাৰ পিচতে মঙলবাৰে পুৱা ভাগৰ পৰা জোনাই আৰু চিলাপথাৰৰ পৰা দুৰ্যোগ ব্যৱস্থাপনা বাহিনীৰ জোৱান আহি উদ্ধাৰ কাৰ্য চলোৱাৰ পাচত আজি দিনৰ ২ বজাত মৃতদেহটো উদ্ধাৰ কৰে । 

ইতিমধ্যে বিৰণ স্বৰ্গীয়াৰীৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে ধেমাজি অসামৰিক চিকিৎসালয়লৈ চিমেন চাপৰি আৰক্ষীয়ে প্ৰেৰণ কৰিছে । মৃত্যুৰ সময়ত তেওঁ পত্নী, তিনিজন পুত্ৰ, এগৰাকী পো বোৱাৰী, নাতিক ইহঃসংসাৰত এৰি থৈ গৈছে ৷

লগতে পঢ়ক:Snatchers terror at Basistha : ঘোঁৰামাৰাত খেদি খেদি ৰাইজে কৰায়ত্ত কৰিলে চিলনী চোৰক

ABOUT THE AUTHOR

...view details