Money demanding case: ধেমালিতে আলফা স্বাধীনৰ নামত ধন দাবী কৰি আটক এজন - Money demanding case
মাজুলী, 23 ফেব্ৰুৱাৰী:ৰাজ্যত ইটোৰ পিচত সিটোকৈ অপৰাধৰ ঘটনা পোহৰলৈ আহিছে ৷ এইবাৰ মাজুলীত ধন দাবী কৰি আৰক্ষীৰ জালত পৰিল এজন লোক ৷ ফোনযোগে এগৰাকী ব্যৱসায়ীক 15 লাখ টকা দাবী কৰিছিল লোকজনে ৷ ইয়াৰ পিচতে ততালিকে ভুক্তভোগী ব্যৱসায়ীজন মাজুলী আৰক্ষীৰ কাষ চাপে ৷ আৰক্ষীয়ে ঘটনাৰ অনুসন্ধান কৰি ধন দাবী কৰা যুৱকজনক আটক কৰি সোধা-পোছা কৰাৰ পিচতে ঘটনাই অন্য মোৰ লয় ৷
লোকজনে আৰক্ষীৰ জেৰাত কয়, "কথাটো ধেমালিৰ কথাহে আছিল ৷ ধেমালিৰ কথাটোৱেই যে ইমান ডাঙৰ হ’ব মই ভবা নাছিলো ৷ পৰেশ বৰা নামৰ লোকজনক মই ধেমালিতে ফোন কৰি মই 15 লাখ টকা লাগে বুলি কৈছিলো ৷ আপুনি দিব পাৰিবনে ? তেওঁ ক’ৰ পৰা ফোনটো কৰা বুলি সোধোতে মই এনেই আলফাৰ পৰা কোৱা বুলি কৈছিলো ৷ তেওঁ টকাখিনি দিব লাগিব বুলি দাবী কৰা নাছিলো ৷"
ঘটনা অনুসৰি আজিৰ পৰা প্ৰায় 4 দিনৰ পূৰ্বে মাজুলীত আলফা স্বাধীনৰ নামত ধন দাবী কৰিছিল লোকজনে ৷ কিন্তু ধন দাবী কৰি শ’লঠেকত পৰে এই লোকজন (Money demanding case) ৷ আলফা স্বাধীনৰ নামত ধন দাবী কৰা লোকজনৰ নাম কুমুদ বৰুৱা বুলি জানিব পৰা গৈছে ৷ মাজুলীৰে পৰেশ বৰা নামৰ এজন লোকক ফোন কৰিছিল কুমুদ নামৰ লোকজনে ৷ কেৱল পৰেশকে নহয় পৰেশৰ পুত্ৰৰ ফোনলৈও ফোন কৰিছিল কুমুদে ৷
পৰেশে ফোন নম্বৰটো চিনি নোপোৱা দেখি কোনে কৈছে বুলি সোধাত কুমুদে নিজকে আলফা স্বাধীনৰ পৰা ফোন কৰা বুলি কৈ সংগঠনৰ কামৰ বাবে তেওঁৰ পৰা 15 লাখ টকাৰ দাবী কৰে (demanding money sake of Ulfa) ৷ এই কথা শুনি পৰেশ হতচকিত পৈ পৰে ৷ পৰেশ পেছাত এগৰাকী ব্যৱসায় ৷ এখন দোকান দি পৰিয়াল পোহপাল দিছিল পৰেশে ৷
লগে লগে মাজুলীৰ বালিচাপৰিৰ ব্যৱসায়ীজনে আহি মাজুলী জিলা আৰক্ষী অধীক্ষকক সমগ্ৰ ঘটনা সন্দৰ্ভত অৱগত কৰে ৷ লগে লগে আৰক্ষীয়ে পৰেশৰ অভিযোগৰ ভিত্তিত সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰে ৷ ফোন নম্বৰটো ট্ৰেক কৰি আৰক্ষীয়ে চাংসাৰি আৰক্ষীৰ সহযোগত কুমুদক আটক কৰিবলৈ সক্ষম হয় (Man arrested for demanding money)৷ পৰৱৰ্তী সময়ত মাজুলী আৰক্ষীৰ তত্বাৱধানত কুমুদ বৰুৱাক গড়মূৰ আৰক্ষী থানালৈ সোধা-পোছা কৰিবলৈ লৈ অহা হয় ৷
ইফালে ধৃত কুমুদেও ধন দাবী কৰাৰ কথা আৰক্ষীৰ জেৰাত স্বীকাৰ কৰিছে ৷ অৱশ্যে এই ধন দাবী কৰাৰ আঁৰত কোনো দল সংগঠন জড়িত নোহোৱাৰ লগতে কুমুদে এনেই ধেমালি কৰিবলৈহে এই ঘটনা সংঘটিত কৰিছিল বুলি আৰক্ষীক জানিবলৈ দিয়ে ৷
ইয়াৰ সমান্তৰালকৈ বুধবাৰে নগাঁও আৰক্ষীয়ে অভিযান চলাই আৰক্ষীৰ নামত ধন দাবী কৰা নগাঁৱৰ এজন যুৱকক গ্ৰেপ্তাৰ কৰিছে ৷ গ্ৰেপ্তাৰ হোৱা যুৱকজন নগাঁও চহৰৰ খুটিকটিয়াৰ শংকুমণি গোস্বামী বুলি আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছিল (Youth arrested for demanding money) ৷ ড্ৰাগছৰ সৈতে জড়িত এজন যুৱকৰ পৰিয়ালক ধন দাবী কৰিছিল স্বয়ম্ভূ আৰক্ষী শংকুমণিয়ে ৷