Mob lynching case: 100 টকা নিদিয়াৰ বাবেই এজন লোকক বাঁহেৰে মৰিয়াই হত্যা - টীয়ক আৰক্ষী থানা
টীয়ক, 1 জুলাই : মাত্ৰ 100 টকাৰ বাবেই যোৰহাট জিলাত সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা ৷ ঘটনা অনুসৰি যোৱা 24 জুন তাৰিখে টীয়ক কলিয়াপানী মুছলিম গাঁৱৰ নিবাসী বুলুকণ আলীক একে গাঁৱৰে বাবুল আলীৰ পৰিয়ালে 100 টকা বিচাৰিছিল ৷ কিন্তু বুবুকণ আলীয়ে 100 টকাটো দিবলৈ অপাৰগ হোৱাত হতাহতিৰ সৃষ্টি হয় ৷
তাৰ পিচতে বাবুল আলীৰ লগতে তেওঁৰ পৰিয়ালৰ বাবু আলী, জিতুল আলী, বিতুল আলী আৰু চফীকা বেগমে লগ হৈ কেঁচা বাঁহেৰে উপৰ্যুপৰি মাৰধৰ কৰে বুবুকণক ৷ পৰিয়ালটোৰ 5 জন লোকৰ পৰা প্ৰহৃত হোৱা বুবুকণ আলীক ততালিকে সংকটজনক অৱস্থাত টীয়ক FRU লৈ নিয়ে যদিও উন্নত চিকিৎসাৰ বাবে বুবুকণক যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে ৷
কিন্তু চিকিৎসাধীন অৱস্থাতেই ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত শুকুৰবাৰে পুৱা বুবুকণ আলীৰ মৃত্যু হোৱাত পৰিয়ালৰ লোকে টীয়ক আৰক্ষী থানাত এক গোচৰ ৰুজু কৰে ৷ টীয়ক আৰক্ষীয়ে 107/23 নম্বৰত ৰুজু হোৱা গোচৰৰ ভিত্তিত ঘটনাৰ সৈতে জড়িত তিনিজন লোকক আটক কৰি সোধা-পোচা অব্যাহত ৰাখিছে ৷
ইপিনে বুবুকণৰ মৃত্যুৰ খবৰ পাই সমগ্ৰ অঞ্চলতে শোকৰ ছাঁ পৰিছে আৰু প্ৰকৃত দোষীক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰিবলৈ প্ৰশাসনক আহ্বান জনাইছে আত্মীয়ই ৷
লগতে পঢ়ক:Woman mysterious death: স্বামীগৃহত বোৱাৰীৰ ৰহস্যজনক মৃত্যু, ডিঙিত আঘাতৰ চিন স্পষ্ট