Zubeen Garg controversy; ৰাইজৰ হৈ কাম কৰিবলৈ আমাক কোনো ব্যক্তি বিশেষৰ চাৰ্টিফিকেট নালাগে : লুৰীণজ্যোতি গগৈ - অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ
Published : Aug 29, 2023, 4:10 PM IST
ডিব্ৰুগড়, 29 আগষ্ট :জুবিন গাৰ্গে কটন মহাবিদ্যালয়ত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি অসম জাতীয় পৰিষদ এটা ফটুৱা পাৰ্টী বুলি কৈছিল ৷ ইয়াৰ পাচতে ৰাজ্যত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । “অসম জাতীয় পৰিষদ এটা ফটুৱা পাৰ্টী” - জুবিন গাৰ্গৰ এই মন্তব্যৰ পিচতে ডিব্ৰুগড়ৰ টেঙাখাটত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে ।
সভাপতিগৰাকীয়ে কয়, ‘‘আমি অসম জাতীয় পৰিষদ অসমৰ ৰাইজৰ প্ৰতি দায়বদ্ধ । অসম আৰু অসমৰ মানুহৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে কাম কৰি আহিছো । দলৰ জন্মৰ পটভূমি আৰু অসমৰ ৰাইজৰ বাবে কৰি থকা কাম সকলো ৰাইজে দেখিছে । ৰাইজৰ হৈ কাম কৰিবলৈ আমাক কোনো ব্যক্তি বিশেষৰ চাৰ্টিফিকেট নালাগে’’ ।
তেওঁ আৰু কয়, ‘‘ৰাইজৰ হৈ সততা আৰু নিষ্ঠাৰে কাম কৰি গৈ আছো এটা সময়ত সময়ে ইয়াৰ উত্তৰ দিব । যি বিলাক বিষয় ওলাই এইবিলাক অপ্ৰাসংগিক । ৰাজহুৱা স্থানত যি বিলাক শব্দ বাক্য কোৱা হৈছে, ই অসমীয়া সমাজত কেতিয়াও গ্ৰহণযোগ্য নহয়’’ ।
লুৰীণজ্যোতি গগৈয়ে জুবিন গাৰ্গৰ নাম উল্লেখ নকৰাকৈ কয় ,‘‘সেইগৰাকী ব্যক্তিয়ে নিশা 3 বজাত মোক ফোন কৰি কৈছিল - তই নেতৃত্ব ল পাৰিবি তই" বুলি’’ ।
লগতে পঢ়ক :Zubeen Garg slams AJP: কথাত গটা খোৱাৰ দৰেই জুবিনক সকীয়নিসহ সমালোচনা অজাপৰ