অসম

assam

By

Published : Jan 5, 2023, 8:28 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

ETV Bharat / videos

Delimitation in Assam: গোলাঘাট জিলাত অন্তৰ্ভুক্ত হোৱাক লৈ প্ৰতিবাদ বেকাজানবাসী ৰাইজৰ

যোৰহাট জিলাৰ তিতাবৰ মহকুমাৰ অধীনস্থ তথা অসম নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চল শিলডুবি, গড়াজান, হাফ মাইল বেল্ট, ১ নং কাকডোঙা হাবিগাঁও, ২ নং কাকডোঙা হাবিগাঁও ১,২,৩,৪,৫ নং ব্লক গাঁৱক গোলাঘাট জিলাৰ লগত চামিলকৰণক লৈ ৰাইজৰ মাজত ক্ষোভৰ উদগীৰণ ঘটিছে(Delimitation in Assam) ৷ চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে বৃহস্পতিবাৰে বেকাজান ৰাজহুৱা প্ৰেক্ষাগৃহত এক প্ৰতিবাদী সভা অনুষ্ঠিত হয় ৷ উক্ত সভাত গাঁওসমূহৰ কেইবা সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰি চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে গৰজি উঠে(Constituency Delimitation in Assam) ৷ চৰকাৰে যদি তাৎক্ষণিকভাৱে এই সিদ্ধান্ত বাতিল নকৰে তেন্তে অঞ্চলটোৰ ৰাইজে ব্যাপক গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ দিয়ে ৷
Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

...view details