অসম

assam

সমকামীৰ সম অধিকাৰ বিচাৰি তেজপুৰত সমদল

By ETV Bharat Assamese Team

Published : Sep 10, 2023, 7:58 PM IST

ETV Bharat / videos

Tezpur News: সমকামীৰ সম-অধিকাৰ বিচাৰি তেজপুৰত সমদল

তেজপুৰ, 10 ছেপ্টেম্বৰ: তেজপুৰত সমকামীৰ সম-অধিকাৰ বিচাৰি সমদল ৷ তেজপুৰ চহৰত নৃত্য-গীতেৰে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে তেজপুৰ কুইয়াৰ প্ৰাইড 2023 শীৰ্ষক পদযাত্ৰা বাহিৰ কৰা হয় ৷ চহৰখনৰ ৰাজপথত উলিওৱা এই অভিনৱ পদযাত্ৰাত সমকামীসকলক ৰাইজে অৱজ্ঞাৰ দৃষ্টিৰে চোৱাৰ পৰিৱৰ্তে সমাজৰ আনসকলৰ দৰে সমদৃষ্টিৰে চোৱাৰ বাবে আহ্বান জনায় ৷

গণতান্ত্ৰিক দেশত সকলোৰে সম-অধিকাৰ আছে আৰু সেই অনুসৰি সমকামী আৰু তৃতীয় লিংগৰ লোকসকলেও নিজৰ ইচ্ছা অনুসৰি বন্ধুত্ব স্থাপন আৰু জীৱনটো উপভোগ কৰাৰ সম্পূৰ্ণ অধিকাৰ আছে ৷ সেই অধিকাৰ যাতে কোনেও খৰ্ব নকৰে তাৰ সজাগতাৰ বাবেও এই সমদলত আহ্বান জনোৱা হয় ৷ এই পদযাত্ৰাত ভালেসংখ্যক সমকামী আৰু তৃতীয় লিংগৰ বিভিন্ন বয়সৰ লোকে অংশগ্ৰহণ কৰে ৷ আনহাতে যাতে সম অধিকাৰ, সম মৰ্যাদাৰে জীয়াই থাকিব পাৰো তাৰ বাবে সজাগ সচেত হোৱাৰ প্ৰয়েজন ৷ সমাজে গ্ৰহণ নকৰাৰ বাবে বহুতো লোক ওলাই আহিব পৰা নাই বুলি আক্ষেপ প্ৰকাশ কৰে সমকামীসকলে ৷

লগতে পঢ়ক:Air Force Station Jorhat : যোৰহাট বায়ু সেনা ষ্টেচন পৰিদৰ্শন এয়াৰ মাৰ্শ্বাল এছ পি ধাৰকাৰৰ

ABOUT THE AUTHOR

...view details