NHPC news: সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাষৰ থকা পাহাৰত স্বতঃস্ফূৰ্তভাৱে সৃষ্টি বৃহৎ সুৰংগৰ - NHPC ৰ কাষতে থকা পাহাৰ
Published : Sep 22, 2023, 8:34 PM IST
ধেমাজি, 22 ছেপ্টেম্বৰ : আপদেই শেষ নহয় নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ ৷ এটাৰ পিচত আন এটা অঘটন সংঘটিত হৈ থাকে NHPC ত ৷ বিতৰ্কই যেন লগ নেৰিব এই জলবিদ্যুৎ প্ৰকল্পক ৷
শেহতীয়াকৈ NHPC ত আন এক অঘটন সংঘটিত হৈছে ৷ গেৰুকামুখস্থিত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পস্থলীৰ শ্লুইচ গেটৰ সন্মুখ ভাগত থকা অসমৰ দিশৰ ঠুনুকা পাহাৰৰ অংশত সৃষ্টি হৈছে এক বৃহৎ সুৰংগৰ ৷ এই সুৰংগ লৈ এতিয়া সৃষ্টি হৈছে আতংক আৰু চাঞ্চল্যৰ ।
উল্লেখ্য যে, নব্বৈ শতাংশ কাম সম্পূৰ্ণ হোৱা প্ৰকল্পটোত কিছুদিনৰ পূৰ্বে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণ কৰা গেৰুকামুখ পাহাৰৰ বৃহৎ অংশ খহি পৰিছিল । এই অংশতেই স্বয়ংক্ৰিয়ভাৱে এতিয়া এই বৃহৎ সুৰংগৰ সৃষ্টি হৈছে ৷
লগতে পঢ়ক :Landslide in NHPC: চৰকাৰক জনসাধাৰণৰ হকে কাম কৰিবলৈ আহ্বান AJYP