Lachit Divas in Sivasagar: শিৱসাগৰত লাচিত দিৱস উদযাপন - লাচিত বৰফুকনৰ চাৰিশ বছৰীয়া জন্ম জয়ন্তী
লাচিত বৰফুকনৰ চাৰিশ বছৰীয়া জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি ৰংপুৰ প্ৰাচীন কীৰ্তি চিহ্ন সংৰক্ষণ সমিতিৰ উদ্যোগত শিৱসাগৰীয়া ৰাইজৰ সহযোগত লাচিত দিৱস উদযাপন কৰা হয়(Lachit Anniversary celebrated in Sivasagar) ৷ পুৱা লাচিতৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন কৰি সদৌ অসম ভিত্তিত ৰচনা প্ৰতিযোগিতা, কবিতা আবৃত্তি আৰু চিত্ৰাংকন প্ৰতিযোগিতাৰ আয়োজন কৰা হয় । দুপৰীয়া ১২:৩০ বজাৰ পৰা এখন সভা আহ্বান কৰা হয় য'ত লাচিতৰ বীৰত্ব আৰু দেশপ্ৰেমৰ বিষয়ে আলোচনা কৰা হয়(400th Birth Anniversary of Lachit Borphukan) । ইফালে আজি শিৱসাগৰ জিলা প্ৰশাসনৰ দায়িত্বত থকা আনন্দ ৰাম বৰুৱা শিশু উদ্যানত এখন পুতলা ৰেলগাড়ী জিলা পৌৰসভাই প্ৰদান কৰে । লগতে শিৱসাগৰৰ প্ৰাণকেন্দ্ৰ ঐতিহাসিক শিৱদলৰ(Historical Shiva dol) প্ৰাংগণত ৩৫ ফুট ওখ এটা লাচিতৰ সৌধ সজাই তুলিছে । সন্ধিয়ালৈ নগৰৰ বিভিন্ন ঠাইত বন্তি প্ৰজ্বলন কৰি বীৰজনলৈ শ্ৰদ্ধা নিবেদন কৰা হ'ব ।
Last Updated : Feb 3, 2023, 8:33 PM IST