Baresahariya Bhaona 2023: কন্যকাৰ শাক পাচলিৰে আপ্যায়ন কৰিব বাৰেচহৰীয়া ভাওনালৈ অহা অতিথিক - Baresahariya Bhaona news
চতিয়া, ২৬ ফেব্ৰুৱাৰী: অহা ৬ মাৰ্চৰ পৰা চাৰিদিনীয়াকৈ অনুষ্ঠিত হ'ব জামুগুৰিহাটৰ ২২৬ সংখ্যক বাৰেচহৰীয়া ভাওনা । অহা ৯ মাৰ্চলৈ অনুষ্ঠিত হ'বলগা এই বাৰেচহৰীয়া ভাওনাত উপস্থিত থাকিব কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ লগতে সৰ্বানন্দ সোণোৱাল । ইতিমধ্য়ে ইয়াৰ বাবে প্ৰস্তুতি তুংগত উঠিছে । বাৰেচহৰীয়া ভাওনাৰ বাবে প্ৰয়োজনীয় শাক-পাচলি যোগান ধৰিব ভৰলীপৰীয়া কন্যকা বহুমুখী পামে (Kanyaka Pam will provide vegetables for Baresahariya Bhaona) ৷
জামুগুৰিহাটৰ গৌৰব এই অনুষ্ঠানৰ বাবে ইতিমধ্যে জামুগুৰিয়া ৰাইজে প্ৰস্তুতি তীব্ৰ গতিত চলাইছে ৷ শিশুৰ পৰা বৃদ্ধলৈ সকলোৱে এইকেইদিন পুৱাৰে পৰাই ব্যস্ত হৈ পৰিছে বাৰেচহৰীয়া ভাওনাক লৈ ৷ সমান্তৰালভাৱে জামুগুৰিহাটৰ ভৰলীপৰীয়া কন্যকা বহুমুখী পামৰো কৰ্মচাৰীসকলো যেন তত নোহোৱা হৈছে (Kanyaka Bahimukhi Pam in Jamugurihat) ৷ কিয়নো ভাওনাৰ বাবে প্ৰয়োজনীয় শাক-পাচলি আৰু চাউল সকলো যোগান ধৰিব কন্যকাই ৷ সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে তৈয়াৰ কৰা শাক-পাচলিৰে লক্ষাধিক ভকতক আপ্যায়ন কৰিবৰ বাবে কন্যকাৰ কৃষকসকল ব্যস্ত হৈ পৰিছে ৷ কন্যকাৰ এটা অংশত অকল বাৰেচহৰীয়া ভাওনাৰ বাবেই খেতি কৰিছে ৷
বাৰেচহৰীয়া ভাওনাৰ বাবে কোনো ধৰণৰ ৰাসায়নিক সাৰ ব্যৱহাৰ নকৰাকৈ সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে তৈয়াৰ কৰা বন্ধাকবি, ফুলকবি ,আলু, বিলাহী ৰঙালাওকে আদি কৰি প্ৰয়োজনীয় সকলোবোৰ শাক-পাচলি ইতিমধ্যেই কন্যকাই সাজু কৰি তুলিছে বুলি সদৰি কৰিছে কন্যকাৰ অধ্যক্ষ তথা বিধায়ক পদ্ম হাজৰিকাই ৷ তদপুৰি কন্যকাৰ চাউল আৰু সুস্বাদু দৈও বাৰেচহৰীয়া ৰাইজৰ বাবে সাজু কৰি তুলিছে বুলি তেওঁ কয়, (Baresahariya Bhaona in Jamugurihat) ।
চাৰিদিনীয়াকৈ হ'বলগীয়া এই বাৰেচহৰীয়া ভাওনাত এবাৰত প্ৰায় বাৰশ ভকতে আহাৰ গ্ৰহণ কৰিব পৰাকৈ ইতিমধ্যে মূল মণ্ডপৰ কাষতে ভোজনালয় নিৰ্মাণৰ কামো পকামুৰা পথাৰত চলি আছে ৷ উল্লেখ্য যে জাতি,ধৰ্ম,বৰ্ণ নিৰ্বিশেষে শোণিতপুৰৰ জামুগুৰিহাটত অনুষ্ঠিত হৈ আহিছে বাৰেচহৰীয়া ভাওনা সমাৰোহ (Baresahariya Bhaona)৷ পাঁচ বছৰৰ অন্তৰালত অনুষ্ঠিত হৈ আহিছে এই ভাওনা সমাৰোহ ৷ ইপিনে, বাৰেচহৰীয়া ভাওনা সমাৰোহৰ স্থায়ী মঞ্চ নিৰ্মাণৰ বাবে সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটাই ইতিমধ্য়ে ৫০ লাখ টকাৰ অনুদান ঘোষণা কৰিছে ।
লগতে পঢ়ক:Scam in Arunoday:আমগুৰিত অৰুণোদয় আঁচনিত বঞ্চিত মহিলাৰ পঞ্চায়ত কাৰ্যালয় ঘেৰাও