অসম

assam

ষাঁড় গৰুৰ যুঁজ

ETV Bharat / videos

৬০ বছৰীয়া পৰম্পৰা ৰক্ষাৰ স্বাৰ্থত ষাঁড় যুঁজৰ অনুমোদন দিবলৈ আহ্বান বালিকুৰিবাসীৰ - মাঘ বিহু বা পুষুৰা উৎসৱ

By ETV Bharat Assamese Team

Published : Dec 10, 2023, 2:17 PM IST

জনিয়া, ১০ ডিচেম্বৰ :কেবিনেটৰ সিদ্ধান্ত অনুসৰি এইবাৰ SOP অনুসৰি মাঘ মাহত অনুষ্ঠিত হ’ব ম’হ যুঁজ । কেবিনেটৰ এই সিদ্ধান্তত আনন্দিত হৈ পৰিছে ৰাজ্যৰ ম’হ পালকসকলৰ লগতে ম’হ যুঁজাৰুসকল ৷ কেবিনেটৰ এই সিদ্ধান্তৰ পাচত কলগাছিয়া বালিকুৰিত ৬০ বছৰীয়া পৰম্পৰা ৰক্ষাৰ স্বাৰ্থত বালিকুৰিৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত ষাঁড় যুঁজৰ অনুমোদন দিবলৈ আহ্বান বালিকুৰিবাসীৰ । 

অসমত ভোগালী বিহুৰ লগত সংগতি ৰাখি অসমৰ বিভিন্ন প্ৰান্তত বিভিন্ন সম্প্ৰদায়ৰ লোকসকলে মাঘ বিহু বা পুষুৰা উৎসৱ নামাকৰণে পালন কৰি আহিছে । কিন্তু চৰকাৰৰ তৰফৰ পৰা ষাঁড় গৰুৰ যুঁজ, ম’হৰ যুঁজ বন্ধ কৰি দিছিল । যাৰ পৰিপ্ৰেক্ষিতত সকলো ঠাইত এই উৎসৱ বন্ধ হৈ গৈছে ।

কিন্তু অতি আনন্দৰ বিষয় যে, অসম চৰকাৰৰ কেবিনেটে ইতিমধ্যে ম’হৰ যুঁজ অব্যাহত ৰখাৰ বাবে অনুমোদন দিছে ৷ প্ৰতিজন অসমীয়াই এই সিদ্ধান্তক আদৰণি জনোৱা পৰিলক্ষিত হৈছে । ইয়াৰ লগত সংগতি ৰাখি ষাঁড় গৰুৰ যুঁজৰ অনুমতি দিয়াৰ বাবে অসমৰ বিভিন্ন প্ৰান্তৰ লোকসকলে চৰকাৰৰ প্ৰতি আহ্বান জনাইছে ।

জানিব পৰা মতে, কলগাছিয়াৰ বালিকুৰীত মাঘ বিহুৰ লগত সংগতি ৰাখি পুষুৰা উৎসৱ প্ৰায় ৬০ বছৰ ধৰি পালন কৰি আহিছে ৷ কিন্তু আইনীভাৱে বন্ধ কৰি দিয়াৰ ফলত উক্ত উৎসৱটি পালন কৰাত বাধা আহি পৰিছে । বৰ্তমান কেবিনেটত ম’হ যুঁজ অনুমোদন দিয়াৰ লগে লগে বালিকুৰীৰ লগতে অসমৰ বিভিন্ন ঠাইত ষাঁড় যুঁজৰো অনুমোদন দিবলৈ আহ্বান জনাইছে ৰাইজে ।

লগতে পঢ়ক :অনুষ্ঠিত কৰিব পাৰিব পৰম্পৰাগত ম’হযুঁজ : কেবিনেটৰ সিদ্ধান্ত

ABOUT THE AUTHOR

...view details