Asian Games 2023 : এছিয়াডত ৰূপৰ পদক অৰ্জন লাভলীনা বৰগোহাঁইৰ; উৎফুল্লিত পৰিয়াল তথা ধনশিৰিবাসী
Published : Oct 4, 2023, 3:37 PM IST
সৰুপথাৰ, 4 অক্টোবৰ : পুনৰ উজলিল তাৰকা বক্সাৰ লাভলীনা বৰগোহাঁই ৷ চীনৰ হাংঝৌত অনুষ্ঠিত এছিয়ান গেমছত ৰূপৰ পদক অৰ্জন অসম কন্যা লাভলীনাৰ ৷ এছিয়ান গেমছত মহিলাৰ 75 কিলোগ্ৰাম বক্সিং শাখাৰ ফাইনেলত ৰূপৰ পদক অৰ্জন কৰে তাৰকা বক্সাৰ গৰাকীয়ে ৷
ফাইনেলত খেলুৱৈ গৰাকীয়ে সোণৰ পদক অৰ্জন কৰিব বুলি আশা কৰা হৈছিল যদিও ৰূপৰ পদকতে সন্তুষ্ট থাকিবলগা হয় ৷ এছিয়াডৰ মহিলাৰ 75 কিলোগ্ৰাম বক্সিং শাখাৰ ফাইনেলত চীনৰ লি কীয়ানৰ হাতত 5-0 ৰ ব্যৱধানত পৰাস্ত হয় খেলুৱৈ গৰাকী ৷
এছিয়াডত ৰূপৰ পদক অৰ্জন কৰাৰ পিছতে উৎফুল্লিত হৈ পৰিছে লাভলীনাৰ পৰিয়াল তথা ধনশিৰিবাসীৰ লগতে ৰাজ্যবাসী ৷ খেলুৱৈগৰাকীৰ এই সাফল্যৰ পিছত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে লাভলীনাৰ পিতৃ টিকেন বৰগোহাঁই আৰু আদিগুৰু প্ৰশান্ত দাসে ৷ উল্লেখ্য যে পেৰিছ অলিম্পিকলৈও যোগ্যতা অৰ্জন কৰিছে ভাৰতীয় বক্সাৰ তথা অসম সন্তান লাভলীনা বৰগোহাঁয়ে ৷
লগতে পঢ়ক :Lovlina final match in Asian Games: লাভলীনাৰ বিজয়ক লৈ আশাবাদী পৰিয়াল তথা ধনশিৰিবাসী