Amrit Kalash Yatra: অমৃত কলহ হাতত লৈ ৰাইজৰ ঘৰে ঘৰে মাটি সংগ্ৰহ মন্ত্ৰী যোগেন মহনৰ - অমৃত কলহ যাত্ৰা
Published : Sep 21, 2023, 5:57 PM IST
মৰাণ, 21 ছেপ্টেম্বৰ:প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা 'মোৰ মাটি মোৰ দেশ' কাৰ্যসূচীৰ অংশস্বৰূপে অসমত 'অমৃত কলহ যাত্ৰা' কাৰ্যসূচী ৰূপায়ণ কৰিছে ৰাজ্য চৰকাৰে । ইয়াৰ পাচতেই দেশৰ প্ৰধানমন্ত্ৰীৰ সপোন বাস্তৱায়িত কৰিবলৈ তৎপৰ হৈ পৰিছে চৰাইদেউ জিলা প্ৰশাসনৰ লগতে মন্ত্ৰী যোগেন মহন । কেন্দ্ৰীয় চৰকাৰৰ "মেৰী মাটি মেৰা দেশ" কাৰ্যসূচীৰ অংশ হিচাপে বৃহস্পতিবাৰে চৰাইদেউ জিলাৰ মৰাণ পৌৰসভাত অমৃত কলহ যাত্ৰাৰ শুভাৰম্ভ কৰে মাহমৰা সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহনে ৷
আজিৰে পৰা মৰাণ পৌৰসভাৰ অন্তৰ্গত ১১ টা ৱাৰ্ডৰ প্ৰতিটো পৰিয়ালৰ পৰা মাটি সংগ্ৰহ কৰা হ’ব । মৰাণত অমৃত কলহ হাতত লৈ ৰাইজৰ ঘৰে ঘৰে মন্ত্ৰী যোগেন মহন গৈ মাটি সংগ্ৰহ কৰা পৰিলক্ষিত হয় ৷ ইয়াৰে একলহ মাটি নতুন দিল্লীত দেশৰ বীৰ সেনানীসকলৰ স্মৃতিত নিৰ্মাণ হ'বলগীয়া অমৃত ভাটিকাৰ বাবে আৰু এটা কলহ গহপুৰত নিৰ্মাণ হ'বলগীয়া শ্বহীদ কনকলতা বিশ্ববিদ্যালয়লৈ প্ৰেৰণ কৰা হ’ব বুলি জানিবলৈ দিয়ে মন্ত্ৰীজনে ৷ আজিৰ কাৰ্যসূচীত মন্ত্ৰীজনৰ লগতে মৰাণ পৌৰসভাৰ পৌৰপতি অৰূপ দত্ত, উপ পৌৰপতি উদয় শংকৰ গগৈকে ধৰি ১১ টা ৱাৰ্ডৰ ৱাৰ্ড আয়ুক্ত আৰু দলীয় কৰ্মকৰ্তাসকলে অংশগ্ৰহণ কৰে ৷
লগতে পঢ়ক :Meri Mitti Meri Desh: অমৃত কলহ যাত্ৰাত কোনো যাতে বাদ নপৰে সেয়া সুনিশ্চিত কৰিবলৈ আহ্বান
Amrit Kalah Yatra: বাক্সাত প্ৰতিটো পৰিয়ালৰ পৰা এমুঠি মাটি সংগ্ৰহত সহযোগ কৰিবলৈ আহ্বান জিলা আয়ুক্তৰ