Jamugurihat murder case: মাকৰ ঘৰতে পত্নীক হত্যা স্বামীৰ - চোকা অস্ত্ৰৰে প্ৰহাৰ
চতিয়া, ২১ আগষ্ট : শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ মৰিসুঁতিত নৃশংস হত্যাকাণ্ড । স্বামীয়ে পত্নীক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ অভিযুক্তটোৰ নাম দিলোৱাৰ হুছেইন বুলি জানিব পৰা গৈছে ৷ দিলোৱাৰ হুছেইনৰ পত্নী আছিল মজিদা বেগম (২৬) । বৰ্তমান আৰক্ষীৰ জিম্মাত আছে জামুগুৰিহাটৰ ১ নং ইটাখোলাৰ অভিযুক্ত দিলোৱাৰ হুছেইন (৩৪) ৷
স্থানীয় লোকে উল্লেখ কৰা মতে, মাতৃৰ শাৰীৰিক অসুস্থতাৰ বাবে মাতৃ গৃহলৈ গৈছিল মজিদা বেগম । মাতৃ ঘৰলৈ যোৱাৰ পাচতে বাৰে বাৰে স্বগৃহলৈ মজিদাক দিলোৱাৰে মাতি আছিল ৷ কিন্তু মজিদা মাতৃৰ গৃহৰ পৰা ঘূৰি নহাত ক্ষুব্ধ হৈ পৰে দিলোৱাৰ ৷
খঙৰ ভমকত দেওবাৰে দিলোৱাৰে তেওঁৰ পত্নী মজিদা বেগমক মাতৃৰ গৃহতে চোকা অস্ত্ৰৰে প্ৰহাৰ কৰে ৷ স্বামীৰ ছুৰীকাঘাতৰ ফলত থিতাতে মৃত্যু হয় মজিদা বেগমৰ ৷ জানিব পৰা মতে, নিহত মজিদা বেগম আছিল গৰ্ভৱতী ৷ উক্ত হত্যাকাণ্ডক কেন্দ্ৰ কৰি দেওবাৰে নিশালৈকে জামুগুৰি আৰক্ষী থানাত উত্তাল পৰিৱেশৰ সৃষ্টি কৰে মৰিসুঁতিৰ ৰাইজেল ৷ মৰিসুঁতিৰ ৰাইজৰ দাবী হত্যাকাৰী দিলোৱাৰক ফাঁচী দিব লাগে ৷
লগতে পঢ়ক :Teenagers went missing: ব’লব’ম যাত্ৰালৈ গৈ অৰুণাচলৰ চিয়াং নদীত সন্ধানহীন দুই কিশোৰ