Riniki Bhuyan Sarma : শিপাৰ সন্ধানত মাজুলীত সন্তানসহ ৰিণিকি ভূঞা শৰ্মা - Dakshinpat Satra
মাজুলী, 5 ফেব্ৰুৱাৰী: দেওবাৰে সত্ৰপীঠ মাজুলীত উপস্থিত হয় ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী (Riniki Bhuyan Sarma), পুত্ৰ আৰু কন্যা । দেওবাৰে বিয়লিৰ ভাগত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী, পুত্ৰ আৰু কন্যা নিমাতী ঘাটৰ পৰা অফলামুখলৈ এখন বিশেষ ফেৰীৰে মাজুলীত উপস্থিত হয় ৷ প্ৰথমবাৰৰ বাবে ফেৰীত উঠি মাজুলীত উপস্থিত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী তথা প্ৰাইড ইষ্ট এন্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালিকা ৰিণিকি ভূঞা শৰ্মা (Riniki Bhuyan Sarma in Majuli)।
ৰিণিকি ভূঞা শৰ্মাক অফলামুখ ফেৰী ঘাটত ফুলাম গামোচা পিন্ধাই মাজুলীলৈ আদৰণি জনায় মাজুলী জিলা প্ৰশাসনৰ হৈ নৱনিযুক্ত উপায়ুক্ত চৌভেৰী বৰকাকতি শৰ্মাই (Majuli DC Cauvery Barkakati Sarma) ৷ উল্লেখ্য যে অৱসৰ বিনোদনৰ বাবে সত্ৰপীঠ মাজুলী ভ্ৰমণ কৰে মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মা আৰু পুত্ৰ-কন্যাই ৷ সোমবাৰে মাজুলীৰ দক্ষিণপাট সত্ৰত সেৱা লয় ৰিণিকি ভূঞা শৰ্মা, জীয়াৰী আৰু পুত্ৰই (Nandil Biswa Sarma) । ইফালে নিশাটো মাজুলীতে কটাই সোমবাৰে শদিয়ালৈ যাব ৰিণিকি ভূঞা শৰ্মাৰ পৰিয়াল ৷
উল্লেখ্য যে, ৰিণিকি ভূঞা শৰ্মাৰ পূৰ্বপুৰুষে মাজুলী তথা দক্ষিণপাট সত্ৰত (Dakshinpat Satra) বাস কৰিছিল ৷ সেইসূত্ৰে মুখ্যমন্ত্ৰীৰ পত্নীগৰাকীৰ মাজুলীৰে আছে এক আত্মিক সম্পৰ্ক ৷ সেই অনুসৰিয়েই পূৰ্বেও মাজুলী ভ্ৰমণ কৰিছিল ৰিণিকি ভূঞা শৰ্মাই ৷ দেওবাৰে পুত্ৰ আৰু কন্যাক ককাৰ-আজোককাকৰ ঠাইসমূহৰ লগত চিনাকি কৰাই দিয়াৰ উদ্দেশ্য মাজুলীত উপস্থিত হয় ৰিণিকি ভূঞা শৰ্মাৰ লগতে পুত্ৰ পুত্ৰ নন্দিল বিশ্ব শৰ্মা আৰু সুকন্যা শৰ্মা ৷