Harvest Programme: নাগশংকৰ কলবস্তিত কৃষি বিজ্ঞান কেন্দ্ৰৰ বড়ো ধান ছপোৱা প্ৰশিক্ষণ অনুষ্ঠান
চতিয়া, 30 জুন:শোণিতপুৰ জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত বৃহস্পতিবাৰে নাগশংকৰৰ কলবস্তিত বৃহত্তৰ নদুৱাৰ অঞ্চলৰ ফ্ৰাৰ্মাৰসকলৰ মাজত বড়ো ধান ছপোৱা প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হয় ৷ এই কৃষি প্ৰশিক্ষণ শিৱিৰৰ উদ্ধোধন কৰে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই ৷ এই প্ৰশিক্ষণ শিৱিৰটোতে মেচিনৰ জৰিয়তে কেনেকৈ ধান কটা, কঠীয়া ৰোৱা আৰু মৰণা মৰা হয় তাৰো এক প্ৰশিক্ষণ প্ৰদান কৰা হয় উপস্থিত কৃষক সকলক ৷
এই প্ৰশিক্ষণ কাৰ্যসূচীত শোণিতপুৰ জিলাৰ কৃষি বিভাগৰ বিভিন্ন বিষয়া-কৰ্মচাৰীকে ধৰি কৃষি বিজ্ঞানী বিবেক কুমাৰ আৰু ড৹ নমিতা দত্ত, কৃষি সম্প্ৰসাৰণ বিষয়া দিব্যজ্যোতি নাথ, শস্য সংৰক্ষক মুনমুন বসুমতাৰী আদিয়ে অংশগ্ৰহণ কৰে ৷ প্ৰশিক্ষণ শিবিৰটোত ন-দুৱাৰ অঞ্চলটোৰ অৰ্দ্ধ শতাধিক ফ্ৰাৰ্মাৰে প্ৰশিক্ষণ গ্ৰহণ কৰে ৷
উল্লেখ্য যে ন-দুৱাৰ অঞ্চলৰ কৃষি কৰ্মৰ এক অগ্ৰণী অনুষ্ঠান Shyamal farmer producer লিমিটেডেৰ উদোগত অনুষ্ঠিত হোৱা এই প্ৰদৰ্শনীত কৃষি বিজ্ঞানীসকলে মাটিৰ গুণাগুণ, মাটিৰ পৰীক্ষা, সাৰ প্ৰয়োগৰ বিধি আদিকে ধৰি বিভিন্ন বিষয়ৰ ওপৰত কৃষক সকলক অৱগত কৰে ৷
লগতে পঢ়ক:Change of Religion:তেজপুৰত ধৰ্মান্তৰিত এটা খ্ৰীষ্টান পৰিয়াল