অসম

assam

Hailstorm in upper Assam: উজনিত শিলাবৃষ্টিয়ে ব্যাঘাত জন্মাইছে স্বাভাৱিক জীৱন-যাত্ৰাত

By

Published : Mar 28, 2023, 12:27 PM IST

উজনিত শিলাবৃষ্টি

মৰাণ, 28 মাৰ্চ : পুনৰ বৰফৰ শুভ্ৰ আচ্ছাদনৰ মাজত মৰাণ । এক অস্বাভাৱিক পৰিৱেশ পৰিলক্ষিত হ’ল মৰাণত । পুৱাই অস্বাভাৱিকভাৱে অহা শিল বৰষুণে সমগ্ৰ মৰাণকে ধৰি দাঁতি কাষৰীয়া অঞ্চলসমূহত পেলালে শীত ( Assam Hailstorm news) । এজাক পাতলীয়া বৰষুণৰ পাছতে বৃহৎ অঞ্চলটো হৈ পৰিছিল বৰফেৰে আবৃত । সমান্তৰালভাৱে শুভ্ৰ বৰফৰ বৰষুণৰ এই দৃশ্য একাংশই উপভোগ কৰিলেও হঠাৎ অহা শিল বৰষুণে বহুতকেই সমস্যাত পেলাইছে ।

প্ৰাপ্ত খবৰ অনুসৰি বৰফ পৰি বহুতৰ কৃষি পথাৰৰ লগতে ঘৰৰো অনিষ্ট সাধন হৈছে যদিও এই মুহূৰ্ততলৈ কোনো ক্ষয় ক্ষতিৰ পৰিমাণ জানিব পৰা নাই (Hailstorm in upper Assam)। আনহাতে ডিচেম্বৰৰ শেষৰ ফালে মৰাণত আজিৰ দৰেই বৰফৰ শুভ্ৰ আচ্ছাদন দেখিবলৈ পোৱা গৈছিল । 

উল্লেখযোগ্য যে, কালি সন্ধিয়া প্ৰচণ্ড ধুমুহাই জোকাৰি গ'ল ডিব্ৰুগড়কে ধৰি অসমৰ উজনিভাগৰ বহুকেইখন জিলা । সোমবাৰে আবেলি ভাগত ডিব্ৰুগড়ত হঠাৎ অহা বতাহ, বৰষুণ আৰু শিলাবৃষ্টিয়ে বিস্তৰ ক্ষতি সাধন কৰে চহৰখনৰ (Hailstorm in Dibrugarh)। অসম চিকিৎসা মহাবিদ্যালয়ৰ মূল পথত পাঁচটাকৈ বিদ্যুতৰ খুঁটাৰ লগতে গছ ভাঙি পৰাত যান-বাহনৰ চলাচলৰ ক্ষেত্ৰত চিকিৎসালয়লৈ অনা ৰোগী আৰু আত্মীয়ৰ মাজত যথেষ্ট অসুবিধাৰ সৃষ্টি হয় ।

লগতে পঢ়ক :Assam Gamosa Controversy: অসমীয়াৰ স্বাভিমানত আঘাত হনা কাম কোনোৱে গ্ৰহণ নকৰে, জয়ন্ত মল্ল বৰুৱা

ABOUT THE AUTHOR

...view details